মাত ভাঙিলেও থাকে কৰ’নাৰ ভয়

74850207

কৰ’নাৰ দ্বিতীয় লহৰে স্বাভাৱিকতে আতংকজনক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে। চৌদিশে যি হাৰত সংক্রমণ বাঢ়িছে, তাৰ ফলত মানুহ অধিক সজাগ হ’বলৈ বাধ্য হৈছে।

জ্বৰ, কাহ তথা স্বাদ-গােন্ধ নােপােৱা আদিবােৰক এই ৰােগৰ অন্যতম উপসর্গৰূপে ধৰা হয়। অৱশ্যে বহু ক্ষেত্ৰত দেখা গৈছে। আৰু কিছু নতুন ধৰণৰ উপসর্গ। বিশেষকৈ ৰূপ পৰিৱৰ্তন কৰা ভাইৰাছৰ ক্ষেত্ৰত।

বহু ক’ভিড আক্রান্তই জনাইছে যে তেওঁলােকৰ ডিঙি ভাঙিছিল বা মাত ভাঙি কণ্ঠস্বৰ সলনি হৈ পৰিছিল। এতিয়া কথা হ’ল ডিঙি ভাঙিলেই জানাে চিন্তাৰ বিষয় থাকে ? আচলতে বিষয়টো তেনে ধৰণৰ নহয়।

গৰমৰ প্রকোপত থাকিব নােৱাৰি ফ্ৰীজৰ পৰা উলিয়াই ঘনাই শীতল পানী পান কৰিলে বা মিল্কশ্যেক, কুঁহিয়াৰৰ ৰসত মাত্রাধিক বৰফ ল’লে নাইবা সন্ধিয়া স্নান কৰি শীততাপ নিয়ন্ত্রিত কোঠাত সােমাই পৰাৰ দৰে পৰিস্থিতিত যিকোনাে মানুহৰ মাত ভাঙিব পাৰে।

অৱশ্যে মনত ৰাখিব লাগিব যে বিনা কাৰণত মাত ভঙাটো কিন্তু চিন্তাৰ বিষয়। যিহেতু ক’ভিড প্রধানকৈ শ্বাসনলীৰ ৰােগ, মানুহ স্বৰ্যন্ত্রও ইয়াৰ অংশ। সেয়ে ডিঙিৰ স্বৰত কোনাে অস্বস্তিকৰ পৰিৱৰ্তন হ’লে সেয়া ক’ভিডৰাে উপসর্গ হ’ব পাৰে।

এই ক্ষেত্ৰত কি কি কৰণীয় সেয়াও জানি থােৱা উচিত। প্রথমে দুদিনমান চাব লাগে ক’ভিডৰ আন কোনাে উপসর্গই দেখা দিছে নে নাই। সিমান দিনলৈ ঘৰৰ আনসকলক পৃথক কৰাৰ চেষ্টা কৰিব লাগে। সকলাে সময়তে মাস্ক পৰিধান কৰিব লাগিব।

মাস্ক মুখমণ্ডলত খাপ খাই পৰিছে নে নাই, সেয়াও চাব লাগিব। ডিঙিৰ বিষ কমাবলৈ ভেষজ চাহ, সামান্য গৰমপানী আৰু অন্য ঘৰুৱা পথ্য নিয়ম অনুসৰি খাব লাগে। সমগ্র দিনটোত সুবিধা অনুসৰি গার্গল কৰিব লাগে। আন উপসর্গই দেখা দিলে অবিলম্বে ক’ভিড পৰীক্ষা কৰাব লাগিব।

Exit mobile version