তিনিচুকীয়াত পুনৰ কৰ’নাত আক্ৰান্ত হৈ চাৰি কৰ’না ৰোগীৰ মৃত্যু

WhatsApp Image 2021 04 29 at 5.34.17 PM 1

তিনিচুকীয়াত কৰ’নাত আক্ৰান্ত হৈ চাৰি গৰাকী মৃত্যু। দুগৰাকী তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আৰু দুগৰাকী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

ADVERTISEMENT

তিনিচুকীয়া জিলাত বুধবাৰে দিনটোত ৯২ গৰাকীৰ দেহত ধৰা পৰিছিল কভিড’১৯ পজিটিভ আৰু ৫৮ গৰাকী কভিড’-১৯ আক্ৰান্তৰ পৰা মুক্ত হৈছিল ।

জিলাখনত বৰ্তমানলৈকে ৩৯৮ গৰাকী সক্ৰীয় ৰূপত আছে কৰ’না পজিটিভ।

তথ্য অনুসৰি বুধবাৰে মৃত্যু হোৱা তিনিচুকীয়াৰ লোককেইজন তিনিচুকীয়াৰ দীনা নাথ পাৰ্চে (৪০), শ্ৰী কান্ত সিং (৫৫), গোপাল প্ৰসাদ (৭৩) আৰু সন্তোষ সিং (৮৬) ।

ইতিমধ্যে দুগৰাকীৰ মৃতদেহ তিনিচুকীয়া শ্মশানত সৎকাৰ কৰাৰ লগতে ডিব্ৰুগড়ৰ পৰা দুগৰাকীৰ মৃতদেহ লৈ অহা হৈছে শ্মশানলৈ ৷

Exit mobile version