প্ৰতিষেধকৰ দুটা ড’জ গ্ৰহণ কৰিলে আক্ৰান্ত বৃদ্ধসকলক হাস্পতালত ভৰ্তিৰ সম্ভাৱনা ৯৮ শতাংশ কমঃ ৰিপ’ৰ্ট

vaccine 8 1

ফাইজাৰ আৰু মডাৰ্না প্ৰতিষেধকৰ দুটা ড’জ গ্ৰহণ কৰাৰ পাছতো ক’ভিড আক্ৰান্ত হ’ব পাৰে । কিন্তু গৱেষণাত দাবী কৰা হৈছে যে প্ৰতিষেধকৰ দুটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলক হাস্পতালত ভৰ্তিৰ সম্ভাৱনা ৯৮ শতাংশ কমি যায় । এই দাবী জনাইছে আমেৰিকাৰ ‘চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেছন’এ ।

আমেৰিকাত ফাইজাৰ আৰু মডাৰ্নাৰ প্ৰতিষেধক ব্যৱহাৰ কৰা হৈছে । গৱেষণা অনুসৰি, প্ৰতিষেধকৰ দুটা ড’জ গ্ৰহণ কৰা ৬৫ বছৰ বা ইয়াৰ ঊৰ্ধ্বৰ প্ৰাপ্তবয়স্কসকলে ভাইৰাছত আক্ৰান্ত হ’লেও হাস্পতালত ভৰ্তিৰ সম্ভাৱনা ৯৮ শতাংশ কমি যায় । আনহাতে প্ৰতিষেধকৰ এটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলৰ আক্ৰান্ত হ’লে হাস্পতালত ভৰ্তি কৰাৰ সম্ভাৱনা ৬৪ শতাংশ কমি যায় ।

কৰ’নাত সংক্ৰমিত হ’লে প্ৰাপ্তবয়স্কসকলৰ সংশয় বাঢ়ি যায় । সেয়ে বিভিন্ন দেশত ৬৫ বছৰ বা ইয়াৰ ঊৰ্ধ্বৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইতিমধ্যে আমেৰিকাৰ প্ৰাপ্তবয়স্ক জনসাধাৰণৰ প্ৰায় ৬৮ শতাংশক প্ৰতিষেধকৰ দুটা ড’জ প্ৰদান সম্পন্ন হৈছে ।

চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেছন-ৰ সঞ্চালক ৰাছেল ৱালনেস্কিয়ে গৱেষণা সন্দৰ্ভত কয়, ‘পৰীক্ষাৰ ফলাফলে আমাক অধিক আশাবাদী কৰি তুলিছে । যিমানে টিকাকৰণ কৰা হ’ব হাস্পতালত ভৰ্তিৰ আশংকা হ্ৰাস পাব । ফলত দেশৰ স্বাস্থ্যসেৱাৰ ওপৰত চাপ কমিব ।’

ব্ৰিটেইনৰ আন এক গৱেষণাত কোৱা হৈছে, ফাইজাৰ আৰু অষ্ট্ৰাজেনেকাৰ প্ৰতিষেধকৰ এটা ড’জ গ্ৰহণ কৰিলে গৃহৰ ভিতৰত সংক্ৰমণ হোৱাৰ আশংকা প্ৰায় ৫০ শতাংশ কমি যায় । পাব্লিক হেল্থ ইংলেণ্ডৰ গৱেষকৰ এটা দলে দাবী কৰে যে, প্ৰতিষেধক প্ৰদান কৰাৰ দুসপ্তাহৰ পাছতে এই প্ৰভাৱ দেখা গৈছে ।

Exit mobile version