শুকুৰবাৰে সন্ধিয়াৰ পৰা উত্তৰ প্ৰদেশৰত সম্পূৰ্ণ তলাবন্ধ, অব্যাহত থাকিব মঙলবাৰে পুৱা পৰ্যন্ত

1618322011 up lockdown

সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে এইবাৰ কঠোৰ পদক্ষেপ ললে যোগী আদিত্যনাথ চৰকাৰে । শুক্ৰবাৰে সন্ধিয়াৰ পৰা উত্তৰ প্ৰদেশত সম্পূৰ্ণ তলাবন্ধ ৰ সিদ্ধান্ত লোৱা হৈছে। মঙলবাৰে পুৱা সাত বজালৈকে অব্যাহত থাকিব এই নিয়ম।

সংবাদ সংস্থা এএনআই (উত্তৰ প্ৰদেশ)য়ে এটা টুইটযোগে এই কথা জানিবলৈ দিয়ে। টুইটটোত কোৱা হৈছে,শুক্ৰবাৰে সন্ধিয়াৰ পৰা মঙলবাৰে পুৱা সাত বজালৈকে ৰাজ্যখনত সম্পূৰ্ণ তলাবন্ধ থাকিব। বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত ।

বিগত ২৪ ঘণ্টাত উত্তৰ প্ৰদেশত নতুন আক্ৰান্তৰ সংখ্যা হৈছে ২৯হেজাৰ ৮২৪জন যি এদিনত সৰ্বাধিক। এতিয়ালৈকে ৰাজ্যখনত মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ১১ লাখ ৮২হেজাৰ ৮৪৮ জন। যোৱা ২৪ ঘণ্টাত ২৬৬ জন কৰ’নাৰোগীৰ মৃত্যু হৈছে। ফলস্বৰূপে, যোগী ৰাজ্যত মুঠ মৃত্যুৰ সংখ্যা হৈছে ১১হেজাৰ ৯৪৩জন । এই মুহূৰ্তত উত্তৰ প্ৰদেশত সক্ৰিয় ৰোগীৰ সংখ্যা তিনি লাখ ৪১ লাখ।

যোগী আদিত্যনাথে এই সপ্তাহৰ আৰম্ভণিতে কৈছিল যে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে উত্তৰ প্ৰদেশত সপ্তাহান্তত তলাবন্ধ অব্যাহত থাকিব। তাৰ আগতে তাত নৈশ সান্ধ্যা আইন চলি আছিল।

Exit mobile version