আগন্তুক তিনি দিন টিকাকৰণ বন্ধ ৰখাৰ সিদ্ধান্ত মুম্বাই পৌৰ প্ৰশাসনৰ

155964 covueeprzb 1615288098

শনিবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ টিকাকৰণ আৰম্ভ হ’ব । বৃন্মুম্বাই পৌৰ কৰ্প’ৰেছন (বিএমচি)য়ে কালি এক বিজ্ঞপ্তিত জনায় যে, আগন্তুক তিনি দিন টিকাকৰণ বন্ধ থাকিব । পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ অভাৱৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় বিএমচি-য়ে ।

বৃহস্পতিবাৰৰ বিজ্ঞপ্তিত উল্লেখ কৰা হয়, ‘পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক নথকাৰ বাবে দেওবাৰৰ পৰা আগন্তুক তিনি দিন পৰ্যন্ত মুম্বাইত টিকাকৰণ বন্ধ থাকিব ।’ ইয়াৰ মাজতেই প্ৰতিষেধক আহি পালে টিকাকৰণ আৰম্ভ কৰা হ’ব আৰু সেয়া সাধাৰণ জনতাক জনায় দিয়া হ’ব ।

লগতে ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলে প্ৰতিষেধক লাভ কৰাক লৈ আতংকিত নহ’বলৈও পৰামৰ্শ দিয়ে । পৌৰ কৰ্তৃপক্ষই জনায় যে, নাম নথিভুক্ত কৰা সকলোৱে প্ৰতিষেধক লাভ কৰিব ।

মুম্বাইৰ অতিৰিক্ত পৌৰ কমিছনাৰ অশ্বিনি ভিদে টুইট কৰে, ‘প্ৰতিষেধকৰ পৰ্যাপ্ত ড’জ উপলব্ধ হ’লেই ১৮ৰ পৰা ৪৫ বছৰ বয়সীয়াসকলৰ টিকাকৰণ আৰম্ভ কৰা হ’ব । সম্প্ৰতি এক মে’ত সম্ভৱ নহ’ব ।’

Exit mobile version