আমেৰিকাৰ প্ৰথম সাহায্য অক্সিজেন, ৰেপিড টেষ্ট কিটৰ বিমান আহিল ভাৰতলৈ

us 660 300421101640

আমেৰিকাৰ পৰা প্ৰথম জৰুৰীকালীন সাহায্য আহিল ভাৰতলৈ । আজি পুৱাই কৰ’না পৰিস্থিতিৰ মাজতেই যাৱতীয় সামগ্ৰী লৈ দিল্লীৰ বিমানবন্দৰত অৱতৰণ কৰিলে আমেৰিকাৰ এখন সেনাবিমানে । বিমানখনত অক্সিজেন চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি ৰেপিড টেষ্ট কিট সকলো আছে ।

সূত্ৰ অনুসৰি, ছুপাৰ গেলেক্সী মিলিটেৰী বিমানখন শুকুৰবাৰে পুৱা দিল্লী আহি পাইছে । বিমানখনত আছে চাৰিশটা অক্সিজেন চিলিণ্ডাৰ, প্ৰায় ১০ লাখ ৰেপিড কৰ’না ভাইৰাছ টেষ্ট কিট, হাস্পতালৰ প্ৰয়োজনীয় সামগ্ৰী ।

বিমানখনে ভাৰতত অৱতৰণ কৰাৰ পাছত মাৰ্কিন দূতাবাসে টুইট কৰে, ‘জৰুৰীকালীন অতিমাৰী পৰিস্থিতিৰ কিছু সামগ্ৰী আহি পালে । ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ স’তে আছে আমেৰিকা । #ইণ্ডিয়াদোস্তি ।’

অতিমাৰীৰ প্ৰথম ঢৌত আমেৰিকাৰ দুঃসময়ত ভাৰতে সহযোগ কৰিছিল । সেয়ে পূৰ্বেই আমেৰিকাই ভাৰতক অতিমাৰীৰ বিৰুদ্ধে যুঁজত সকলো ধৰণৰ সহায় কৰিব বুলি জনাইছিল । যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে ফোনত কথা পাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ।

ইয়াৰ পাছতেই হোৱাইট হাউচে জনায় যে, অতি শীঘ্ৰে তেওঁলোকে ভাৰতত সকলো ধৰণৰ সাহায্য আগবঢ়াব । ইয়াৰ ভিতৰত ৰেমডেচিভিসহ বহু ঔষধো আছে । ভাৰতক প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা কেঁচা পণ্য‌ও প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

Exit mobile version