থ্ৰী ইডিয়টছ-ৰ বাবে অডিছন অনুষ্কাৰ

সামাজিক মাধ্যমত প্ৰকাশিত ভিডিঅ'

pjimage 3

২০০৮ত ‘ৰব নে বনা দি জ’ৰি’ৰ পৰা আত্মপ্ৰকাশ কৰিছিল অনুষ্কা শৰ্মাই । প্ৰথম চলচ্চিত্ৰতেই সাফল্যতাৰ স্বাদ । কিন্তু জানেনে জনপ্ৰিয় চলচ্চিত্ৰ থ্ৰী ইডিয়টছৰ বাবে অডিছন দিছিল অনুষ্কাই ?

সম্প্ৰতি সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত দেখা গৈছে যে, অডিছনৰ বাবে এটা দৃশ্যত অভিনয় কৰিছে নৱাগত অনুষ্কাই । অডিছনত ‘মুন্নাভাই এমবিবিএছ’ৰ এটা সংলাপ কয় অভিনেত্ৰীগৰাকীয়ে ।

থ্ৰী ইডিয়টছৰ মুখ্য চৰিত্ৰত আছিল আমিৰ খান, ছৰমন জোশী আৰু আৰ মাধৱন । আমিৰৰ বিপৰীতত অভিনয় কৰিছিল কৰিনা কাপুৰ ।

Exit mobile version