ভেকছিনৰ অপেক্ষাত জাহ্নৱী কাপুৰ

jahnavi kapoor shared throwback picture of sridevi and boney kapoor 292342

কৰ’নাৰ কবলৰ পৰা বাছি যোৱা নাই তাৰকাসকলো। ইতিমধ্যে বলিউডৰ এটা ডাঙৰ অংশ আক্ৰান্ত হৈছে এই ভাইৰাছত । কেইদিনমান আগতে, কেন্দ্ৰই ঘোষণা কৰিছিল যে এক মে’ৰ পৰা কেৱল ১৮ বছৰ হলেই গ্ৰহণ কৰিব পাৰিব কৰ’না ভেকছিন ।

এই কঠিন সময়ত আন বহুতৰ দৰেই টিকাকৰণৰ ওপৰত নিৰ্ভৰ কৰি আছে বলিউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰো। মে’ মাহৰ প্ৰথম দিনটোৰ বাবে অপেক্ষা কৰি আছে জাহ্নৱীয়ে ।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এখন ফটো প’ষ্ট কৰিছে। দেখা গৈছে যে তেওঁ অপেক্ষা কৰি বহি আছে। ফটোখনৰ লগতে তেওঁ লিখিছে ‘এক মে’ৰ বাবে এনেদৰেই অপেক্ষা কৰা হৈছে। অভিনেত্ৰীগৰাকীয়ে সকলোকে টিকাকৰণ কৰিবলৈও আহ্বান জনাইছে। তেওঁ শেহতীয়াকৈ তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট্রৰিত ক’ভিডৰ বিষয়ে বিভিন্ন তথ্য প’ষ্ট কৰি মানুহক সহায় কৰিবলৈ চেষ্টা কৰি আছে।

অভিনেত্ৰীগৰাকীয়ে অলপতে মালদ্বীপত চুটি কটাই আহিছে। বৰ্তমান ক’ভিডৰ দ্বাৰা সংক্ৰমিত নহবলৈ ঘৰতে আছে অভিনেত্ৰীগৰাকী ।

Exit mobile version