যোগী ৰাজ্যত অক্সিজেন বিচাৰি আৰক্ষীৰ কটাক্ষৰ সন্মুখীন ক’ভিড আক্ৰান্তৰ পৰিজন

উত্তৰ প্ৰদেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ । ৰাজ্যখনত ইতিমধ্যে সক্ৰিয় ৰোগীৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিছে । ৰোগী বৃদ্ধি পোৱাৰ লগে লগে অক্সিজেনৰ নাটনিও সৃষ্টি হৈছে । কৰ’না ৰোগীৰ পৰিয়ালক অক্সিজেনৰ অভাৱ পূৰণ কৰিবৰ বাবে আৰক্ষীয়ে দিয়া পৰামৰ্শক লৈয়ে বিতৰ্ক আৰম্ভ হৈ পৰে ।

ক’ভিড আক্ৰান্তসকলৰ বাবে অক্সিজেন বিচাৰি হাবাথুৰি খাইছে পৰিয়ালবৰ্গই । প্ৰয়াগৰাজৰ বিজেপি বিধায়কৰ অক্সিজেন প্লাণ্টটো ভিৰ জমাইছে বহুতে । অক্সিজেন প্লাণ্টটোত শান্তি শৃংখলা অটুট ৰাখিবৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে । ক’ভিড আক্ৰান্ত পিতৃৰ বাবে অক্সিজেন আনিবলৈ গৈ আৰক্ষীয়ে চোঁচা লয় বুলি জনায় এজন যুৱকে ।

যুৱকজনে সংবাদ মাধ্যমক কয়, ‘প্লাণ্টত অক্সিজেনৰ বিষয়ত কথা পাতিবৰ বাবে কোনো নাছিল । সেয়ে কথা পাতিবৰ বাবে ম‌ই ভিতৰলৈ সোমাই যাওঁতেই আৰক্ষীয়ে চোঁচা লয় ।’ প্ৰয়াগৰাজৰ সমস্ত হাস্পতাল ঘূৰিও তেওঁ পিতৃৰ বাবে অক্সিজেনৰ যোগাৰ কৰিব নোৱাৰে বুলি জনায় ।

সেই একেই অভিজ্ঞতাৰ সম্মুখীন হয় মাতৃৰ বাবে অক্সিজেন আনিবলৈ যোৱা এজন যুৱকে । বিজেপি বিধায়কজনৰ প্লাণ্টত অক্সিজেন বিচাৰিছিল যুৱকজনে । তেওঁ অভিযোগ কৰে যে আৰক্ষীয়ে তেওঁক, ‘মাক অশ্বত্থ গছৰ তলত ৰাখ’ বুলি কটাক্ষ কৰে । এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে বিতৰ্ক আৰম্ভ হয় ।

Exit mobile version