ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সেনাক বিশেষ আৰ্থিক ক্ষমতা প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

ক’ভিড পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ সেনাক বিশেষ আৰ্থিক ক্ষমতা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে । শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্ত্ৰণালয়ে টুইটাৰত এই কথা ঘোষণা কৰে ।

নিৰ্দেশনাৱলীত কোৱা হৈছে যে, সেনাৰ জৰুৰী ভিত্তিত কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণ, কৰ’না ভাইৰাছ সংক্ৰমিত সকলৰ বাবে চিকিৎসাৰ আন্তঃগাঁথনি স্থাপন, অত্যাৱশ্যকীয় ঔষধ আৰু চিকিৎসা সঁজুলি ক্ৰয়ৰ বাবে ধন ব্যয় কৰাৰ ক্ষমতা থাকিব।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখে, “এই শক্তিৰে সেনা কমাণ্ডাৰসকলে ক’ভিদ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব। তেওঁলোকে ব্যক্তিগত বাছ আৰু চিকিৎসালয় নিৰ্মাণ আৰু নৱীকৰণ কৰাৰ লগতে সেৱা প্ৰদান কৰিব আৰু প্ৰয়োজনীয় সঁজুলি সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব ।”

শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিটো পদক্ষেপত ক’ৰ কমাণ্ডাৰ আৰু এৰিয়া কমাণ্ডাৰসকলে ৫০ লাখ টকা ব্যয় কৰিব পাৰিব । ডিভিজন কমাণ্ডাৰ আৰু চাব-এৰিয়া কমাণ্ডাৰে প্ৰতিটো পদক্ষেপত ২০ লাখ টকা পৰ্যন্ত ব্যয় কৰাৰ ক্ষমতা লাভ কৰিব।

‘ৰাজনীতি ৰোধ’ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰ-দিল্লী সমন্বয়ৰ নিৰ্দেশ দিছে । প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনায় যে নিৰ্দেশনাসমূহ এক মে’ৰ পৰা কাৰ্যকৰী হ’ব। ই পৰৱৰ্তী তিনি মাহৰ বাবে অব্যাহত থাকিব, অৰ্থাৎ ৩১ জুলাই লৈকে অব্যাহত থাকিব ।

এনে জৰুৰীকালীন বিত্তীয় ক্ষমতা সাধাৰণতে যুদ্ধৰ পৰিস্থিতিত সেনাক অস্ত্ৰ আৰু সামৰিক সঁজুলি ক্ৰয় কৰিবলৈ দিয়া হয়। কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সেনা কমাণ্ডাৰসকলক যোৱা বছৰ একেধৰণে বিশেষ বিত্তীয় ক্ষমতা প্ৰদান কৰা হৈছিল।

যোৱা সপ্তাহত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক নিৰ্দেশনাই সেনা চিকিৎসা বাহিনীৰ বিষয়াসকলক কৰ’না ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ স’তে যুঁজিবলৈ ক্ষমতা প্ৰদান কৰিছিল ।

Exit mobile version