পুনৰ তলাবন্ধত ৪০ লাখ লােক সংস্থাপনহীন হােৱাৰ শংকা

f65fe94b47ec4618bfa454bf897f242d 8

দেশত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ ফলত বহুকেইখন ৰাজ্যত ইতিমধ্যে পুনৰ তলাবন্ধ আৰু সপ্তাহান্তিক তলাবন্ধ বাহাল আছে। দেশত সম্প্রতি তলাবন্ধ আৰু কৰ’না কেন্দ্রিক আন কাৰণত প্রায় ৮০ শতাংশ দোকান-পােহাৰ বন্ধ হৈ আছে।

বাকী ২০ শতাংশ বিপণী খােলা আছে যদিও ইয়াতাে গ্রাহক অভাৱ ঘটিছে। এনে পৰিস্থিতিত ৰিটেইল এছ’চিয়েচন অৱ ইণ্ডিয়াই আশংকা প্রকাশ কৰি কয় যে যদিহে অচিৰে চৰকাৰ আৰু ৰিজার্ভ বেংকে সহায়ৰ বাবে আগবাঢ়ি নাহে, তেন্তে দেশত বিশেষকৈ ৰিটেইল খণ্ডত কৰ্মৰত ৪০ লাখ লােকে চাকৰি হেৰুৱাব লগা হ’ব পাৰে।

সংস্থাটোৱে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনলৈ পত্র লিখিৰাজ্যসমূহত তলাবন্ধ আৰু সান্ধ্য আইনৰ ফলত উদ্ভৱ হােৱা ব্যৱসায়িক পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ৰিটেইল এছ’চিয়েচন অৱ ইণ্ডিয়াই কৰ’না পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দেশৰ ব্যৱসায়ীসকলক সকলাে ধৰণৰ ঋণৰ ক্ষেত্ৰত সুদৰ ৰেহাই দিবলৈ দাবী জনাইছে।

ব্যৱসায়িক প্রতিষ্ঠানটোৱে কয় যে ৰিটেইল অর্থাৎ খুচুৰা ব্যৱসায়ত লাভৰ পৰিমাণ যথেষ্ট কম হয় আৰু তলাবন্ধৰ ফলত এই খণ্ডৰ ব্যৱসায়ীসকল সর্বাধিক প্ৰভাৱিত হৈছে। ৰিটেইল খণ্ডৰ ব্যৱসায়ীৰ উপার্জন বাধাগ্রস্ত হােৱাত ঋণৰ বােজা ভয়াৱহ হৈছে বুলি উল্লেখ কৰি ৰিটেইল এছ’চিয়েচন অৱ ইণ্ডিয়াই কৰ’নাৰ পৰিস্থিতিত ব্যৱসায়ীসকলৰ সমস্যাৰ প্রতি গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰক অনুৰােধ জনাইছে।

ৰিটেইল খণ্ডক তলাবন্ধত হােৱা ক্ষতিৰ পৰা সকাহ দিবলৈ হ’লে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰাটো জৰুৰী হৈছে। বুলিও সংস্থাটোৱে মত প্রকাশ কৰে। এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংককো ৰিটেইল খণ্ডৰ সমস্যাৰ প্রতি দৃষ্টি ৰাখি বিত্তীয় পদক্ষেপ তথা সিদ্ধান্ত গ্রহণ কৰিবলৈ ৰিটেইল এছচিয়েনচন অৱ ইণ্ডিয়াই অনুৰােধ জনাইছে।

সংস্থাটোৱে কয় যে দ্বিতীয়বাৰৰ বাবে হােৱা তলাবন্ধৰ ফলত দেশৰ খুচুৰা ব্যৱসায়ৰ স’তে জড়িত হৈ থকা ৪০ লাখৰাে অধিক লােক অচিৰে সংস্থাপনহীন হােৱাৰ উপক্ৰম হৈছে। এইসকল লােকৰ সৰহসংখ্যকে উৎপাদন গােট, বিনােদন জগত, বস্ত্র উদ্যোগ আদিৰ খুচুৰা ব্যৱসায়ত নিয়ােজিত হৈ আছে।

Exit mobile version