বায়ুসেনাৰ বিশেষ বিমানত ৩৯ টা অক্সিজেন কণ্টেনাৰ পালেহি ভাৰতত

ছিংগাপুৰৰ পৰা পশ্চিমবংগত অনা হ’ল অক্সিজেনৰ চাৰিটা কণ্টেনাৰ । ভাৰতীয় বায়ুসেনাৰ চি-১৭ বিমানত শুকুৰবাৰে ছিংগাপুৰৰ পৰা পন্নাগড়ত অনা হয় অক্সিজেন কণ্টেনাৰসমূসহ । অতি শীঘ্ৰে পন্নাগড়ত আৰু চাৰিটা কণ্টেনাৰ আহি পাব । টুইট কৰি এই তথ্য জনায় ভাৰতীয় বায়ুসেনাই ।

ছিংগাপুৰ, থাইলেণ্ড আৰু ডুবাইৰ পৰা মুঠ ৩৯ টা অক্সিজেন কণ্টেনাৰ বায়ুসেনা বিমানেৰে লৈ অনা হৈছে ভাৰতলৈ । এই কণ্টেনাৰসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে ।

বিদেশৰ পৰা অক্সিজেন কণ্টেনাৰ অনাৰ লগতে দেশৰ এটা স্থানৰ পৰা অন্য স্থানলৈ অক্সিজেন দিয়াৰ পৰা সকলো ধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত ভাৰতীয় বায়ুসেনা বাহিনী । সম্প্ৰতি তেওঁলোকে চণ্ডীগড়ৰ পৰা দুটা কণ্টেনাৰ ভুৱনেশ্বৰত আনিছে, এটা বড’ডৰাৰ পৰা ৰা‌চী লৈ আনিছে । দুটা গ্বালিয়ৰৰ পৰা ৰায়পুৰ আৰু দুটা মুম্বাইৰ পৰা ভুৱনেশ্বৰলৈ আনিছে ।

আইএল-৭৬ বিমানে তিনিটা অক্সিজেন প্লাণ্টৰ সকলো সৰঞ্জাম দিল্লীৰ পৰা নাগালেণ্ডৰ ডিমাপুৰত আনিছে । লক্ষ্ণৌত এটা ক’ভিড হাস্পতাল নিৰ্মাণতো সহায় কৰিছে সেনাই ।

Exit mobile version