কোকৰাঝাৰ জিলাৰ দুই সমষ্টিত মহাজোটৰ তথা বিপিএফৰ দলৰ জয় লাভ

সমষ্টিবাসীলৈ ধন্যবাদ কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ

WhatsApp Image 2021 05 02 at 6.39.09 PM

অসম বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনাত কোকৰাঝাৰ জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টিতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ মনোনীত প্ৰাৰ্থীয়ে জয় লাভ কৰে । অসমৰ পশ্চিম প্ৰান্তৰ সমষ্টি ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে জয়লাভ কৰে ।

পূৰ্বৰ বিধায়ক তথা প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে ইউপিপিএল দলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীক পৰাস্ত কৰে। মাজেন্দ্ৰ নাৰ্জাৰীয়ে মুঠ ৭০৭৯৪ টা ভোট লাভ কৰে আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীয়ে ৬০৬৫৯ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে ।

উল্লেখ্য যে বিপিএফ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে ১০১৩৫ টা ভোটত পৰাস্ত কৰে ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীক। ইপিনে ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিত মহাজোঁটৰ তথা বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে জয়লাভ কৰে ।

২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিত মহাজোঁটৰ বিপিএফ দলৰ মনোনিত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে ১২,২৩৩ টা ভোটৰ ব্যৱধানত জয় লাভ কৰি সমষ্টিবাসীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

বিপিএফ’ৰ ৰবিৰাম নাৰ্জাৰীয়ে মুঠ ৭৬,৮২৬ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দি ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই মুঠ ৬৪,৫৯৩ টা ভোট লাভ কৰি পৰাজিত হয় ।

Exit mobile version