জুলাই পৰ্যন্ত চলিব ক’ভিড টিকাৰ অভাৱ , জনালে ছেৰাম ইনষ্টিটিউটৰ মুৰব্বী আদাৰ পুনাৱালাই

145777 qojbyzjflc 1610446906

ভাৰতত সংক্ৰমণ বৃদ্ধি হোৱাৰ পাছৰে পৰা টিকাৰ অভাৱ দেখা দিছে বিভিন্ন ৰাজ্যত। যিকোনো ঠাইতে ভেকছিনৰ অভাৱৰ বাবে টিকাকৰণ কাৰ্যসূচী বন্ধ হৈ গৈছে। এই পৰিস্থিতিত, ভাৰতীয় ছেৰাম ইনষ্টিটিউটৰ মুৰব্বী আদাৰ পুনাৱালাই কয় যে টিকাৰ এই অভাৱ জুলাইলৈকে দেখা যাব।

দেশত ক’ভিডৰ দ্বিতীয় ঢৌ বৃদ্ধি হোৱাৰ পাছত দৈনিক আক্ৰান্তৰ সংখ্যা চাৰি লাখ অতিক্ৰম কৰিছে। এই পৰিস্থিতিত টিকাৰ প্ৰয়োজনীয়তা সৰ্বাধিক। এই সন্দৰ্ভত আদাৰে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয় যে “জুলাইৰ পাছত টিকাৰ যোগান পুনৰ বৃদ্ধি পাব। তেতিয়ালৈকে টিকাৰ অভাৱ হ’ব। তেওঁ কয় যে জুলাইৰ মাহৰ পৰা টিকাৰ মাহিলী উৎপাদন সাত ৰ পৰা ১০ কোটিলৈ বৃদ্ধি পাব। ”

কিন্তু কিয় হঠাৎ টিকাৰ এই অভাৱ দেখা গৈছে । সেই সন্দৰ্ভত, আদাৰে কয় যে তেওঁলোকে আশা কৰা নাছিল যে কৰ’নাৰ দ্বিতীয় ঢৌ ইমান সোনকালে আহিব। সকলোৱে ভাবিছিল যে ভাৰতৰ ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈ আহিছে। সেয়েহে তেওঁলোকক অতিৰিক্ত ভেকছিন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হোৱা নাই।

Exit mobile version