সোমবাৰ মাজনিশা পৰ্যন্ত দিল্লীত অক্সিজেনৰ যোগান নিশ্চিত কৰক কেন্দ্ৰ‌ইঃ শীৰ্ষ ন্যায়ালয়

Supreme courtofIndia 630x381 1

দেশত সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে অক্সিজেনৰ সমস্যাই দেখা দিছে । অক্সিজেনৰ অভাৱত দিল্লীত বিগত সপ্তাহত ২৫ জন আৰু শনিবাৰে ১২ জনৰ মৃত্যু হৈছে । সেয়ে কেন্দ্ৰক কঠোৰ নিৰ্দেশ প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে । আজি মাজনিশা পৰ্যন্ত দিল্লীত অক্সিজেনৰ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিলে দেশৰ শীৰ্ষ ন্যায়ালয়ে ।

লগতে কয় যে, ৰাজ্যসমূহৰ স’তে আলোচনা কৰি কেন্দ্ৰ‌ই যাতে অতিৰিক্ত অক্সিজেন সঞ্চয় কৰি ৰাখে । যাতে প্ৰয়োজনৰ সময়ত সেই সঞ্চয়ৰ পৰা সংশ্লিষ্ট ৰাজ্যত অক্সিজেন সৰবৰাহ কৰিব পৰা যায় । দিল্লীৰ একাধিক হাস্পতালৰ শুনানিৰ পাছত ৬৪ পৃষ্ঠাৰ এটা ৰায়ত ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়, এল‌এন ৰাও আৰু এছ ৰবিন্দ্ৰ ভট্টৰ ডিভিছন বেঞ্চে এই নিৰ্দেশ প্ৰদান কৰে ।

ৰায় ঘোষণাৰ সময়ত ন্যায়াধীশসকলে কয়, ‘বহুত হৈছে । কেন্দ্ৰক বণ্টন কৰাতকৈ বেছি দিবলৈ কোৱা নাই । কিন্তু বণ্টন অনুযায়ী দিব লাগিব । যদি সোমবাৰ মাজনিশা পৰ্যন্ত অক্সিজেন নিদিয়ে, আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ম ।’

অক্সিজেনৰ লগতে ক’ভিড প্ৰতিষেধকৰ মূল্যৰ বিষয়টো কেন্দ্ৰক কটাক্ষ কৰে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশসকলে কয়, ‘দুখীয়া বা প্ৰান্তিক লোকসকলে হাস্পতালত প্ৰতিষেধকৰ বাবে ছশ টকা দিব নোৱাৰিব । আপোনালোকে বিবেচনা কৰা উচিত ।’ লগতে, হাস্পতালত ভৰ্তি কৰিবৰ বাবে এটা কেন্দ্ৰীয় নীতি প্ৰস্তুত কৰিবৰ বাবে কেন্দ্ৰক দুসপ্তাহৰ সময় দিছে দেশৰ শীৰ্ষ ন্যায়ালয়ে ।

Exit mobile version