ৰাজনীতিত নামিয়ে পৰাজয়ৰ সন্মুখীন কমল হাসন

Kamal Haasan

জনপ্ৰিয় অভিনেতা কমল হাসনে ৰাজনীতিত অভিষেক পৰ্যায়তে নিৰাশাৰ সন্মুখীন হ’বলগীয়া হয় । তেওঁ তামিলনাডু বিধানসভা নিৰ্বাচনত পৰাজিত হয় । বিজয়ী প্ৰাৰ্থীৰ স’তে ভোটৰ ব্যৱধান নিচেই কম । অৱশ্যে যি উদ্যমেৰে তেওঁ ৰাজনীতিৰ পথাৰত নামিছিল, সেই ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও থমকি যাব লগা হ’ল বুলি মত পোষণ কৰে ৰাজ্য ৰাজনৈতিক মহলে ।

পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল কমলে । তেওঁ ক’য়ম্বত্তোৰ দক্ষিণৰ প্ৰাৰ্থী আছিল । তেওঁৰ প্ৰতিদ্বন্দী আছিল বিজেপিৰ বন্তি শ্ৰীনিবাসন । দেওবাৰে ফলাফলৰ ঘোষণাৰ পাছত দেখা যায় যে, বনতিতকৈ তেওঁ এহেজাৰ পাঁচশ ভোটত পিছ পৰি যায় । অধিবক্তা বনতিয়েও এইয়ে প্ৰথম বিধায়িকা হিচাপে নিৰ্বাচিত হয় । ১৯৯৩ৰ পৰাই তেওঁ বিজেপিৰ স’তে জড়িত হৈ আছে । এই পৰ্যন্ত তেওঁ তামিলনাডুৰ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিল ।

প্ৰথমবাৰত পৰাজিত হয় যদিও ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ কোনো পৰিকল্পনা নাই বুলি জনায় অভিনেতাজনে । পৰাজয়ৰ পাছত কমলে টুইট কৰে, ‘তামিলনাডুৰ ঐতিহ্যক স্বীকৃতি দিয়াৰ দাবী কোনো ৰাজনৈতিক শ্ল’গান নহয় । এইটো আমাৰ স্বপ্ন । তামিলনাডুৰ মাটি আৰু ভাষা ৰক্ষা কৰিবলৈ, ৰাজ্যবাসীৰ নিৰাপত্তাৰ বাবে আমি অনাগত দিনটো যুঁজি যাম ।’

Exit mobile version