অসমৰ সাংবাদিকক প্ৰথম শাৰীৰ সেনানি ঘোষণা

গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৫ বছৰৰ সাংবাদিকক প্ৰদান কৰা হ'ব ক'ভিড-১৯ৰ ভেকচিন

New Guwahati Press Club Building and Facility Aims to Stay Relevant for Next 100 Years 348x215 1

কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰৰ সাংবাদিকক প্ৰতিকীৰূপে দিয়া হ’ব ভেকচিন । পুৱা ৯.৩০ৰ পৰা আৰম্ভ হ’ব এই ভেকচিনেচন কেম্প ।

অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে এশজন সাংবাদিকেহে প্ৰাৰম্ভিক পৰ্য্যায়ত ল’ব পাৰিব ভেকচিন । বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুঁজ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক, ফটো সাংবাদিক, ভিডিঅ’ জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হ’ব ।

সেয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰতিটো সংবাদ প্ৰতিষ্ঠানলৈ অনুৰোধ যে, প্ৰতিটো সংবাদ মাধ্যমৰ মাত্ৰ দুজন সাংবাদিকক তেওঁলোকে নিৰ্বাচিত কৰি প্ৰাৰম্ভিক পৰ্যায়ৰ ভেকচিন লোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন । ভেকচিনৰ বাবে নিৰ্বাচিত প্ৰতিজন সাংবাদিকে ক’-ৱিন, আৰোগ্য সেতু এপত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম । পঞ্জীয়নৰ নাম্বাৰটো গুৱাহাটী প্ৰেছ ক্লাবৰ ৬০২৬৬৭২৮১৭ নাম্বাৰলৈ প্ৰেৰণ কৰিব লাগিব ।

বি:দ্ৰ: প্ৰতিজন সাংবাদিকে পৰিচয় পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ লৈ অহাটো বাধ্যতামূলক।

Exit mobile version