ক’ভিড আক্ৰান্ত ঋদ্ধিমান সাহা, অমিত মিশ্ৰ

4425 wriddhiman saha had been in isolation for the last five days credits toi

কৰ’নাত আক্ৰান্ত ক্ৰিকেট খেলুৱৈ ঋদ্ধিমান সাহা আৰু অমিত মিশ্ৰ । মঙলবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেল আছিল । সম্প্ৰতি খেলখন পিছুৱাই দিয়াৰ সম্ভাৱনা আছে । বেংগলৰ উইকেটকিপাৰজনে হায়দৰাবাদৰ হৈ আই পি এলত খেলে । অমিতে দিল্লী কেপিটেলছৰ হৈ খেলে ।

ইয়াৰ পূৰ্বে সোমবাৰে কেকেআৰৰ দুজন ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তী আৰু সন্দ্বীপ ৱাৰিয়াৰে কৰ’নাত আক্ৰান্ত হয় । সেয়ে কেকেআৰ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ স্থগিত কৰা হয় । চেন্নাই ছুপাৰ কিংছৰ সহকাৰী প্ৰশিক্ষক লক্ষ্মীপতি বালাজীও ক’ভিডত আক্ৰান্ত হয় । ইয়াৰ পাছতেই সংক্ৰমিত হয় ঋদ্ধিমান আৰু অমিতক ।

ইজনৰ পাছত সিজন খেলুৱৈ, সহকাৰী প্ৰশিক্ষক সংক্ৰমিত হৈ থকাৰ বাবে আইপিএল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

Exit mobile version