পাঁচ মে’ৰ পৰা অন্ধ্ৰপ্ৰদেশত জাৰি কৰা হ’ব আংশিক কাৰ্ফিউ

Andhra

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে অন্ধ্ৰপ্ৰদেশত । পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে পাঁচ মে’ৰ পৰা ৰাজ্যখনত জাৰি কৰা হ’ব আংশিক কাৰ্ফিউ । অন্ধ্ৰপ্ৰদেশ চৰকাৰে কৈছে যে কাৰ্ফিউ ১৪ দিন ধৰি অব্যাহত থাকিব।

এই কাৰফিউৰ সময়ত পুৱা ছয় বজাৰ পৰা দিনৰ ১২ বজালৈ দোকান খোলা ৰাখিব পাৰি। এই সময়ছোৱাত ধাৰা ১৪৪ অব্যাহত থাকিব। অৰ্থাৎ দোকানখন খোলা থাকিলেও, চাৰি বা ততোধিক লোক একত্ৰিত হোৱাৰ ওপৰত নিষেধাজ্ঞা থাকিব। অৱশ্যে, জৰুৰীকালীন সেৱাসমূহ নিষেধাজ্ঞাৰ পৰা আঁতৰাই ৰখা হৈছে।

অন্ধ্ৰপ্ৰদেশত দৈনিক সংক্ৰমণ সোমবাৰে ২০হেজাৰ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত, ১৮ হেজাৰ ৯৭২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৭২ জন লোকৰ মৃত্যু হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱা দেখি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডীয়ে সোমবাৰে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। তাৰ পাছতে, ১৪ দিনৰ আংশিক কাৰফিউ ঘোষণা কৰা হয়।

ক’ভিডৰ দ্বিতীয় ঢৌ অহাৰ কেইদিনমানৰ পাছত ৰাজ্যখনত নৈশ সান্ধ্যা আইন জাৰি কৰা হৈছিল। নিশা ১০ বজাৰ পৰা পুৱা পাঁচ বজালৈ কাৰফিউ অব্যাহত আছিল। বুধবাৰৰ পৰা ইয়াক আংশিক কাৰফিউলৈ ৰূপান্তৰ কৰা হ’ব।

Exit mobile version