বাতৰি প্ৰকাশৰ অধিকাৰ সংবাদ মাধ্যমৰ আছে : নির্বাচন আয়ােগৰ মুখ থেকেচা উচ্চতম ন্যায়ালয়ত

ন্যায়ালয়ৰ সকলাে বাতৰি প্ৰকাশ কৰিব পাৰিব সংবাদ মাধ্যমে

Supreme Court of India

উচ্চতম ন্যায়ালয়তাে মুখ থেকেচা খালে নির্বাচন আয়ােগে। আদালতৰ ভিতৰৰ সকলাে কথােপকথন প্রকাশ কৰাৰ অধিকাৰ সংবাদ মাধ্যমৰ আছে বুলি স্পষ্টভাৱে জনালে দেশৰ সর্বোচ্চ ন্যায়ালয়ে।

নির্বাচন আয়ােগৰ এক মান-সন্মানৰ কথা আছে বুলি যুক্তি দর্শাই আয়ােগৰ বিৰুদ্ধে ন্যায়াধীশে কৰা মৌখিক মন্তব্য আৰু পর্যবেক্ষণ সন্দৰ্ভত সংবাদ মাধ্যমত যাতে বাতৰি প্ৰচাৰত বাধা আৰােপ কৰা হয়, এই আবেদন উচ্চতম ন্যায়ালয়ত জনাইছিল নির্বাচন আয়ােগৰ অধিবক্তাই।

সোমাবাৰে এই আবেদনৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ে স্পষ্টভাৱে কয় যে আজিৰ এই দিনত সংবাদ মাধ্যমক কোনাে ক্ষেত্ৰতে মৌখিক শুনানি বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিব পৰা নাযাব।

কাৰণ আদালতৰ ভিতৰত কি ঘটিছে, সেয়া জনাৰ কৌতূহল আৰু অধিকাৰ সাধাৰণ নাগৰিকৰ আছেবুলি মত প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে কোনাে গােচৰৰ চূড়ান্ত ৰায়ৰ লগতে আদালতৰ ভিতৰৰ কথােপকথনৰ বিষয়ে দেশবাসীয়ে সবিশেষ জনাৰ প্রয়ােজন আছে।

ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে সোমাবাৰে কয়, উচ্চ ন্যায়ালয় বিচাৰ বিভাগৰ গুৰুত্বপূর্ণ এক স্তম্ভ। উচ্চ ন্যায়ালয়ক অৱমাননা কৰা উচিত নহয়। বহু সময়ত এজলাছত ন্যায়াধীশসকলে তেওঁলাে পর্যবেক্ষণ অনুসৰি নানা ধৰণৰ মন্তব্য প্রকাশ কৰে।

বিচাৰপতিৰ এনে সকলাে মন্তব্যৰ ওপৰত নিষেধাজ্ঞা বা লেকাম লগােৱাটো অসম্ভৱ। উল্লেখ্য যে কিছুদিন আগেয়ে দেশৰ বৰ্তমানৰ ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে নির্বাচন আয়ােগক এককভাৱে দায়ী কৰি মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বন্দ্যোপাধ্যায়ে নজীৰবিহীনভাৱে আক্রমণাত্মক মন্তব্য কৰিছিল।

নির্বাচন আয়ােগক ‘হত্যাকাৰী’ অভিহিত কৰি দেশত ক’ভিড পৰিস্থিতি নির্বাচন অনুষ্ঠিত কৰাৰ সময়ত আয়ােগে দায়িত্বজ্ঞানহীন আচৰণ প্ৰদৰ্শন কৰা বুলি ন্যায়াধীশজনে আয়ােগক কঠোৰ সমালােচনা কৰিছিল।

Exit mobile version