মমতাৰ শপত গ্ৰহণৰ দিনাখনে দেশজুৰি ধৰ্ণা কৰ্মসূচী পালনৰ আহ্বান বিজেপিৰ

PTI10 08 2020 000037A

বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছতে তৃণমূলৰ বিৰুদ্ধে ৰাজ্যজুৰি সন্ত্ৰাসৰ অভিযোগ উত্থাপন কৰিলে বিজেপিৰ কেন্দ্ৰীয় নেতাই । অভিযোগ অনুসৰি, তৃণমূলে আশ্ৰয় দিয়া দুষ্কৃতিকাৰীৰ তাণ্ডৱৰ বলি হৈছে দলৰ বহু কৰ্মী । বিভিন্ন জিলাত দলীয় কাৰ্যালয় জ্বলাই দিয়া হৈছে । ইয়াৰ প্ৰতিবাদত পাঁচ মে’ বুধবাৰে দেশজুৰি ধৰ্ণাত বহিব বিজেপিয়ে । লগতে ক্ষতিগ্ৰস্ত দলীয় কৰ্মীসকলৰ পৰিয়ালক সহযোগ কৰিবৰ বাবে চাৰি তাৰিখৰ পৰা দুদিন ৰাজ্য ভ্ৰমণ কৰিব বিজেপিৰ সৰ্ব্বভাৰতীয় সভাপতি জেপি নড্ডাই ।

নীলবাড়ি দখলৰ যুঁজত বিজেপিৰ প্ৰাৰ্থীসকলক বহুযোজন পিছ পেলাই বিপুল সংখ্যক আসন দখল কৰে মমতা বেনাৰ্জীৰ দলে । ২৯৪ টা সমষ্টিৰ ভিতৰত ২১৩ টা সমষ্টি জয় কৰাৰ পাছত বুধবাৰ পাঁচ মে’ পুৱা ১১ বজাত ৰাজভৱনত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণ কৰিব মমতাই । শপত গ্ৰহণৰ দিনাখনেই দেশজুৰি ধৰ্ণা কৰ্মসূচী পালনৰ আহ্বান জনাইছে নড্ডাৰ দলে ।

সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি বিজেপিয়ে অভিযোগ উত্থাপন কৰে যে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাজ্যত তাণ্ডৱ চলোৱা আৰম্ভ কৰে তৃণমূল আশ্ৰিত দুষ্কৃতিকাৰীসকলে । দলৰ বহু কৰ্মীৰ হত্যা কৰা হৈছে আৰু বহু কৰ্মী আহত‌ও হৈছে ।

দলীয় কৰ্মীসকলৰ দোকান, বাসগৃহ জ্বলাই দিয়া হৈছে । জিলা কাৰ্যালয়তো অগ্নিসংযোগ কৰা হৈছে । সমগ্ৰ পৰিস্থিততে নিৰৱ হৈ আছে মমতা । বিজ্ঞপ্তিখনত ৰাজ্যপাল জগদীপ ধনখড়েও বিবৃতি দিছে বুলি উল্লেখ কৰা হৈছে । এই ঘটনাক গৰিহণা দি প্ৰতিবাদৰ পথ বাচি লৈছে তেওঁলোকে । দুদিনীয়া ভ্ৰমণসূচীত ক্ষতিগ্ৰস্ত আৰু পৰিয়ালবৰ্গসকলক লগ কৰিব নড্ডাই ।

Exit mobile version