১২ বছৰৰ ঊৰ্ধ্বৰসকলক ফাইজাৰৰ কৰ’না প্ৰতিষেধক প্ৰদান কৰাৰ অনুমতি দিব পাৰে আমেৰিকাই

k4l6uf8g pfizer

আমেৰিকাত ১২ বছৰ আৰু ঊৰ্ধ্বৰসকলক ক’ভিড প্ৰতিষেধক দিয়াৰ অনুমতি পাব পাৰে ফাইজাৰে । সূত্ৰ অনুসৰি আগন্তুক সপ্তাহতে এই অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা । অৱশ্যে এই পৰ্যন্ত আমেৰিকাৰ খাদ্য আৰু ঔষধ নিয়ন্ত্ৰক সংস্থাই এই তথ্য প্ৰকাশ কৰা নাই ।

ফাইজাৰে জৰুৰী ভিত্তিত ১২ৰ পৰা ১৫ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে অনুমতি বিচাৰি আমেৰিকাৰ প্ৰশাসনক আবেদন কৰিছিল । সূত্ৰ অনুসৰি, আমেৰিকাৰ প্ৰশাসনে সেই বিষয়ত স্পষ্ট অনুমতি প্ৰদান কৰিব পাৰে ‌। আগন্তুক সপ্তাহতে চৰকাৰীভাৱে এই অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা ।

অনুমতিৰ বিষয়ে একো নজনালেও আমেৰিকাৰ ঔষধ নিয়ন্ত্ৰক সংস্থাই জনায় যে, অতি শীঘ্ৰে ফাইজাৰৰ আবেদনত সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰশাসনে ।

সম্প্ৰতি আমেৰিকাত ১৬ বছৰৰ ঊৰ্ধ্বৰসকলক ফাইজাৰৰ প্ৰতিষেধক প্ৰদান কৰাৰ অনুমতি আছে । ইতিমধ্যে ১২ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ দুহেজাৰ ২৬০ জনৰ শৰীৰত পৰীক্ষামূলকভাৱে ফাইজাৰৰ প্ৰতিষেধক প্ৰয়োগ কৰা হৈছে । পৰীক্ষণত প্ৰতিষেধৰ ভাল ফলাফলেই পোৱা গৈছে ।

শিশুসকলৰ শৰীৰত প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগ অব্যাহত আছে । লগতে মডাৰ্নাইও পৰীক্ষণ অব্যাহত ৰাখিছে । শিশুৰ শৰীৰত প্ৰতিষেধক কিমান কাৰ্যকৰী সেই বিষয়ত পৰীক্ষণ চলাইছে অপৰ প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা জনছন এণ্ড জনছনে ।

Exit mobile version