চীনৰ বাবে পুনৰ বিপদৰ সন্মুখীন হৈছে বিশ্ব

7a499432c5b3b247215bbafcb3495f49

কৰ’না ভাইৰাছৰ পাছত বিশ্ববাসীৰ বাবে আন এক বিপদৰ কাৰণ হৈ পৰিব পাৰে চীন। কিয়নাে সম্পূর্ণ অনিয়ন্ত্রিত গতিৰে পৃথিৱীৰ দিশে আহি আছে চীনৰ বৃহত্তম ৰকেটৰ এশ ফুট দৈর্ঘ্যৰ মূল আভ্যন্তৰীণ অংশ (ক’ৰ)টো।

মাত্র কিছুদিনৰ ভিতৰতে পৃথিৱীৰ যিকোনাে প্রান্তত ৰকেটৰ এই বিশাল অংশটো ভাঙি পৰিব পাৰে। সমগ্র বিশ্বত নহ’লেও ভাঙি পৰা অঞ্চলটোত ব্যাপক ক্ষতিসাধনৰ আশংকাই সম্প্রতি দেখা দিছে। বায়ুমণ্ডলৰ ভিতৰত পুনৰ সােমাই পৰাৰ পাছতে ৰকেটৰ এই অংশটো পৃথিৱীত প্ৰৱল জোৰে ভাঙি পৰাৰ আশংকাৰ কথা সদৰী কৰিছে মহাকাশ গৱেষণা সংক্রান্তীয় ‘স্পেচ নিউজ’ নামৰ নিউজ পৰ্টেলটোৱে।

চীনে তৈয়াৰ কৰা এই বৃহত্তম ৰকেটটোৰ নাম হৈছে ‘লং মার্চ ৫বি ৰকেট। মহাকাশত অতি গুৰুত্বপূৰ্ণ অভিযানৰ বাবেই চীনা মহাকাশ গৱেষণা কেন্দ্রই এই শক্তিশালী ৰকেটটো নিৰ্মাণ কৰিছে।

চীনে ইতিমধ্যে পৃথিৱীৰ কক্ষপথত নিজ দেশৰ এটা মহাকাশ ষ্টেছন স্থাপনৰ প্রস্তুতি অব্যাহত ৰাখিছে। এই প্রকল্পৰ নাম হৈছে ‘তিয়ানহে মহাকাশ ষ্টেছন। এই ষ্টেছনটো উৎক্ষেপণৰ বাবে বিগত কিছুদিন ধৰি চীনে প্রস্তুতি চলাই আছে।

এই মহাকাশ ষ্টেছনৰ এটা মডিউল (অংশ) পৰীক্ষামূলকভাৱে পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰা বাবে যােৱা আঠ এপ্রিলত ‘লং মার্চ ৫বি ৰকেট উৎক্ষেপণ কৰিছিল চীনা মহাকাশ গৱেষণা কেন্দ্রই। নিউজ পৰ্টেলটোৱে জনােৱা মতে, চীনা ৰকেটটোৱে সফলভাৱে মহাকাশ ষ্টেছনৰ মডিউলটো কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হলেও নিজক গ্রাউণ্ড ষ্টেছনৰ নিয়ন্ত্ৰণত ৰাখিব নােৱাৰিলে।

ফলত সম্প্রতি ৰকেটটো পৃথিৱীৰ কক্ষপত ঘূৰি আছে। ইয়াৰে ভিতৰত থকা এশ ফুট (৩০ মিটাৰ) দীঘল অংশটো ইতিমধ্যে ৰকেটৰ পৰা পৃথক হৈ পৰিছে আৰু কিছুদিনৰ ভিতৰতে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰত সােমাই পৰাৰ সম্ভাৱনা আছে। ৰাডাৰত এই বিষয়টো ধৰাও পৰিছে।

ৰকেটৰ উক্ত অংশটোৱে সম্প্রতি ভূপৃষ্ঠৰ ১০৬ মাইলৰ পৰা ২৩১ মাইল উচ্চতাৰ ভিতৰত উঠা-নমা কৰি আছে। বায়ুমণ্ডলৰ ভিতৰত সােমাই পৰাৰ পাছতে ই যিকোনাে মুহূর্ততে পৃথিৱীৰ কোনাে প্রান্তত সজোৰে ভাঙি পৰিব পাৰে। কাৰণ এই অংশটোৰ ওপৰত এতিয়া আৰু কোনাে নিয়ন্ত্রণেই নাই চীনা মহাকাশ গৱেষণা কেন্দ্ৰৰ গ্ৰাউণ্ড ষ্টেছনৰ।

ইয়াৰ পৰিপ্ৰেক্ষিততে সম্প্রতি বিশ্বৰ সর্বত্রে আতংকৰ সৃষ্টি হৈছে। কিয়নাে এই বিশাল অংশটো ক’ত ভাঙি পৰিব সেয়া অদ্যাপি কাৰাে অৱগত হােৱা নাই।

Exit mobile version