দাম্পত্য থমকি গ’ল, ইতি পৰিল বিল আৰু মেলিণ্ডাৰ ২৭ বছৰৰ বৈবাহিক সম্পৰ্কৰ

104924148 GettyImages 671289918 bill melinda gates

২৭ বছৰৰ বৈবাহিক জীৱন অন্ত কৰিলে বিল গেটছ আৰু মেলিণ্ডা গেটছে । তেওঁলোকৰ মতে, এই সম্পৰ্ক আগবঢ়োৱা আৰু তেওঁলোকৰ বাবে সম্ভৱ নহ’ব । দম্পতী হিচাপে তেওঁলোকে নতুনকৈ যে কিবা লাভ কৰিব তাকো বিশ্বাস নকৰে দুয়োগৰাকীয়ে ।

টুইটাৰত একত্ৰিতভাৱে বিচ্ছেদৰ ঘোষণা কৰিছে গেটছ ফাউণ্ডেছনৰ দুই কৰ্তা বিল আৰু মেলিণ্ডাই । তেওঁলোকে টুইটত লিখে, ‘বহু চিন্তা আৰু আমাৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰাৰ পাছত আমি বৈবাহিক জীৱনৰ সামৰণি মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।’

১৯৮৭ ত প্ৰথমবাৰ বিল আৰু মেলিণ্ডাই লগ পাইছিল । সেই বছৰেই বিলৰ মাইক্ৰ’ছফ্ট সংস্থাত প্ৰডাক্ট মেনেজাৰ হিচাপে যোগ দিছিল মেলেণ্ডাই । ইয়াৰ পাছত সাত বছৰৰ প্ৰেমৰ অন্তত ১৯৯৪ত বিবাহ ‌পাশত আৱদ্ধ হয় ।

দম্পত্তীহালৰ তিনিটা সন্তান । যুটীয়াভাৱে গেটছ ফাউণ্ডেছনৰ প্ৰতিষ্ঠা কৰে তেওঁলোকে । ২০০০ত ছিয়াটলত প্ৰতিষ্ঠিত সংস্থাটোৱে বিগত ২১ বছৰত কোটি কোটি ডলাৰ ব্যয় কৰিছে বিভিন্ন দেশক স্বাস্থ্য ক্ষেত্ৰত উন্নত কৰিবৰ বাবে ।

বিচ্ছেদৰ ঘোষণাত দাম্পত্যহালে লিখে, ‘বিগত ২৭ বছৰত তিনিটি সন্তানক ডাঙৰ কৰিছো আমি । এটা সংগঠনো প্ৰতিষ্ঠা কৰিছো, যিয়ে সমগ্ৰ বিশ্বৰ মানুহক স্বাস্থ্যকৰ জীৱন অতিবাহিত কৰাত সহায় কৰিব ।’ কিন্তু যুগ্ম জীৱন আগুলাই নিবলৈ একো নাই তেওঁলোকৰ ।

টুইটাৰ বিবৃতিত লিখে, ‘বিশ্ববাসীলৈ ভাল খবৰ, এই অভিযানত আমাৰ বিশ্বাস একেই আছে । আমি একেলগে কাম কৰিম । কিন্তু দম্পতী হিচাপে আমাৰ সম্পৰ্ক আগুৱাই নিব পাৰিম, এই বিশ্বাস আমাৰ নাই ।’ তেওঁলোকৰ এই সিদ্ধান্তক সন্মান জনায়, তেওঁলোকৰ ব্যক্তিগত পৰিসৰক মৰ্যাদা দিবলৈ আবেদন জনাইছে বিল আৰু মেলিণ্ডা দুয়োগৰাকীয়ে ।

Exit mobile version