ভােটত জয়, মণ্ডপ এৰি ভােটগণনা কেন্দ্ৰলৈ কইনাই মাৰিলে দৌৰ

bride

বিবাহৰ দিনা হঠাতে মণ্ডপ এৰি বাহিৰলৈ দৌৰ মাৰি পলাল কইনা। অৱশ্যে কোনাে প্রেমজনিত কাৰণত অথবা বিবাহৰ প্রতি অনিচ্ছাৰ বাবে এইদৰে কইনাই দৌৰ মৰা নাছিল।

দৰাচলতে উত্তৰ প্ৰদেশৰ ৰামপুৰৰ মহম্মদপুৰ জাদিদ গাঁৱৰ নিবাসী পুনম শর্মাই নিজৰ বিবাহৰ দিনা হঠাতে মণ্ডপ এৰি দৌৰ মাৰিছিল ভােটগণনা কেন্দ্ৰলৈহে।

উত্তৰ প্ৰদেশৰ সদ্যসমাপ্ত পঞ্চায়তৰ নিৰ্বাচনত পুনমে প্রতিদ্বন্দ্বিতা কৰিছিল আৰু এই নির্বাচনত তেওঁ জয়ী হয়। বিবাহ মণ্ডপত ব্যস্ত থকাৰ সময়তে এই খবৰ লাভ কৰাত কইনাৰ বেশতে পুনমে স্থানীয় ভােটগণনা কেন্দ্ৰলৈ দৌৰ মাৰে আৰু নির্বাচন বিষয়াৰ পৰা নিজৰ জয়ৰ প্রমাণপত্র সংগ্রহ কৰে ৷

এই ঘটনাৰ ভিডিঅ’ আৰু ফটোৱে সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে। যােৱা দেওবাৰে পুনমৰ বিবাহ আছিল। কিন্তু পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলেও জয়ৰ সম্ভাৱনা নাই বুলি ধাৰণা কৰি পুনমে বিবাহৰ বাবে কইনাৰ সাজৰে ভােটগণনাৰ দিনা সাজু হৈছিল।

কিন্তু দৰাক মালা পিন্ধোৱাৰ পূর্বে হঠাতে নির্বাচনত জয়লাভ কৰা বুলি খবৰ লাভ কৰাত পুনম আনন্দত আত্মহাৰা হৈ উঠে আৰু দৰাক মণ্ডপতে বহুৱাই ৰাখি নিজে ভােটগণনা কেন্দ্ৰলৈ কইনাৰ সাজতে দৌৰ মাৰিছিল।

Exit mobile version