লাকী আলিৰ মৃত্যু সংবাদত ভৰি পৰিছে টুইটাৰ

সঠিক খবৰ দিলে অভিনেত্ৰী নাফিছা আলিয়ে

nafisa ali lucky

সুস্থ হৈ আছে সুৰকাৰ তথা গীতিকাৰ লাকী আলি । তেওঁ ক’ভিডত আক্ৰান্ত নহয় । বাগালুৰুত নিজ গৃহত পৰিয়ালবৰ্গৰ স’তে সময় অতিবাহিত কৰিছে গায়কজনে । সামাজিক মাধ্যমত এই তথ্য সদৰী কৰে বৰ্ষীয়ান অভিনেত্ৰী নাফিছা আলিয়ে ।

মংগলবাৰে সন্ধিয়া হঠাৎ সামাজিক মাধ্যমত লাকী আলিৰ মৃত্যুৰ খবৰ পোৱা যায় । সেই পোষ্ট অনুসৰণ কৰি সকলোৱে শোকবাৰ্তা প্ৰেৰণ কৰিবলৈ লয় । পোষ্টত কোৱা হয়, তেওঁ ক’ভিড আক্ৰান্ত হৈ প্ৰয়াত হৈছে । গীতিকাৰজনৰ বান্ধবী নাফিছা আলিয়ে এই সংবাদৰ সত্যতা দাঙি ধৰি আশ্বস্ত কৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক ।

টুইটাৰত অভিনেত্ৰীগৰাকীয়ে লিখে, ‘আজি লাকীৰ স’তে মোৰ দুই-তিনিবাৰ কথা হৈছে । তেওঁ সম্পূৰ্ণ সুস্থ । তেওঁ আগন্তুক দিনৰ সংগীতানুষ্ঠানৰ পৰিকল্পনা কৰিছে । সদ্যহতে পুনৰ কথা পাতিছো । সকলোৱে সুস্থ তেওঁৰ পৰিয়ালৰ ।’

৯০ দশক ধৰি তেওঁৰ সংগীতত মুগ্ধ হৈ আছে তেওঁৰ শ্ৰোতাসকল । ইয়াৰ মাজতে বহু বছৰৰ বিৰতি লয় লাকীয়ে । বিগত বৰ্ষত তেওঁক গ’ৱাৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰা পৰিলক্ষিত হয় । গীতাৰেৰে ‘অ’ ছনম’ গীতটি পৰিবেশন কৰা ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ।

Exit mobile version