কেৰালাত সম্পূৰ্ণ তলাবন্ধ ঘোষণা

kerala lockdown pti 980554 1619712085

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌত সমগ্ৰ দেশৰ লগতে কেৰালাৰো পৰিস্থিতি ভয়াৱহ । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজায়নে বৃহস্পতিবাৰে ৰাজ্যজুৰি সম্পূৰ্ণ তলাবন্ধৰ ঘোষণা কৰে।

কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবেই আঠ মে’ৰ পৰা ১৬ মেলৈ ৰাজ্যজুৰি তলাবন্ধৰ ঘোষণা কৰা হৈছে। এই মুহূৰ্তত ৰাজ্যখনত নৈশ সান্ধ্যা আইন চলি আছে। নিশা ন বজাৰ পৰা পুৱা পাঁচ বজালৈ কাৰফিউ চলি আছে। সপ্তাহান্তত অৰ্ধ-তলাবন্ধও কৰা হৈছিল।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজায়নে টুইট কৰি লিখিছে, “সমগ্ৰ কেৰালা ৰাজ্যখন আঠ মে’ৰ পুৱা ছয় বজাৰ লৈকে ১৬ মে’পর্যন্ত বন্ধ ৰখা হ’ব।এই সিদ্ধান্ত ক’ভিড ১৯ ৰ ভয়ানক পৰিস্থিতিৰ বাবে লোৱা হৈছে। এদিন পূৰ্বেই বৈঠকত ৰাজ্যখনৰ কৰ’না পৰিস্থিতিৰ ভয়াৱহতাৰ কথা কৈছিল মন্ত্ৰীজনে । তেওঁ ক’ভিডৰ এই অস্বাভাৱিক অতিৰিক্ততা নিয়ন্ত্ৰণ কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ ইংগিত দিছিল। পৰিস্থিতিৰ স’তে যুঁজিবলৈ কেৰালাৰ উপৰিও কেবাখনো ৰাজ্যত তলাবন্ধৰ কথা ঘোষণা কৰা হৈছে।

কৰ’না পৰিস্থিতি বৰ্তমান সমগ্ৰ দেশতে চিন্তাৰ বিষয়। বিগত ২৪ ঘণ্টাত, দেশত কৰ’নাৰ মৃত্যুৰ সংখ্যা পুনৰ চাৰি লাখলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত, দেশখনত চাৰি লাখ ১২হেজাৰ ২৬২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । বুধবাৰে ২৪ ঘণ্টাত কৰ’না ৰোগীৰ সংখ্যা আছিল তিনি লাখ ৮২হেজাৰ ৩১৫জন ।

কেৰালাই যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত ৰোগীসকলৰ আটাইতকৈ বেয়া প্ৰতিবেদন লাভ কৰিছে । ৰাজ্যখনত এদিনত ৪১হেজাৰ ৯৫৩ জন কৰ’না ৰোগী আক্ৰান্ত হৈছে ৰাজ্যখনত মুঠ কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৭,৪৩,৯৩২ জন।

Exit mobile version