কৰ’নাত আক্ৰান্ত হৈ প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিং

Ajit Singh 1019x573 1

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় লোক দলৰ (আৰএলডি) প্ৰতিষ্ঠাপক অজিত সিঙৰ দেহাৱসান ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ২০ এপ্ৰিলত ক’ভিড-১৯ আক্ৰান্ত হৈছিল প্ৰয়াত প্ৰাক্তন মন্ত্ৰীজন।

গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অজিত সিং।প্ৰাক্তন মন্ত্ৰীজনৰ পুত্ৰ তথা প্ৰাক্তন সাংসদ জয়ন্ত চৌধুৰীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা টুইটাৰযোগে তেওঁৰ পিতৃৰ মৃত্যুৰ প্ৰতিবেদন দি লিখিছিল, ‘তেওঁ আজি ৰাতিপুৱা শেষ মুহূৰ্তলৈকে যুঁজ দি মৃত্যুবৰণ কৰিছে’।

অজিতৰ সিঙৰ পিতৃ স্বৰ্গীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙহ পশ্চিম উত্তৰ প্ৰদেশৰ জাট বলৰ এজন অবিসংবাদিত নেতা আছিল।

অজিতে ১৯৮৯ চনত প্ৰধানমন্ত্ৰী ভি পি সিংহৰ নেতৃত্বত নেচনেল ফ্ৰণ্ট চৰকাৰত তেওঁৰ প্ৰথম মন্ত্ৰীপদ লাভ কৰিছিল। পি ভি নৰসিঙৰ ৰাও ১৯৯০ ৰ দশকত কংগ্ৰেছত যোগদান কৰাৰ পাছত চৰকাৰৰ মন্ত্ৰী হৈছিল।

Exit mobile version