তালিবানৰ শাসনত খৰ্ব হ’ব মহিলাৰ অধিকাৰঃ ৰিপ’ৰ্ট

2021 05 05 afghanistan flag

আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য সম্পূৰ্ণ বৰ্জনৰ দিন যিমানে চমু চাপি আহিছে সিমানে শংকা বাঢ়ি আহিছে । প্ৰশ্ন হয়, বিগত কিছু বছৰ ধৰি আফগানিস্তানত মহিলাৰ অধিকাৰ সৱলীকৰণৰ বাবে চৰকাৰে যি চেষ্টা চলাই আহিছে, তালিবান ক্ষমতাত আহিলে সেইটো অব্যাহত থাকিব নে ? আমেৰিকাৰ এক সম্প্ৰতিক চোৰাংচোৱা ৰিপ’ৰ্টত এই আশংকা প্ৰকাশ কৰা হৈছে ।

আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা পৰিষদৰ এই দুই পৃষ্ঠাৰ ৰিপ’ৰ্টত কোৱা হয়, ‘২০০১ত ক্ষমতাচ্যুত হোৱাৰ পাছৰ পৰা তালিবানৰ মানসিকতা আৰু মহিলাৰ অধিকাৰৰ বিষয়ত তেওঁলোকৰ অৱস্থান একেই আছে । ফলত বিগত দুই দশক ধৰি নাৰী সুৰক্ষা আৰু অধিকাৰক লৈ যি প্ৰগতিমূলক কাম কৰা হৈছে সেয়া বিফলে যাব বুলি আশংকা কৰা হৈছে । মহিলাৰ অধিকাৰ খৰ্ব হ’ব পাৰে ।’

১৯৯৬ৰ পৰা ২০০১ পৰ্যন্ত তালিবানৰ শাসনকালত মহিলাৰ শিক্ষা, প্ৰকাশ্যত ঘূৰা-ফিৰা প্ৰায় বন্ধ হৈ গৈছিল । ৰিপ’ৰ্টত প্ৰকাশ কৰা হৈছে যে, ‘বৈদেশিক ত্ৰাণৰ আশাত আৰু আন্তৰ্জাতিক মহলত স্বীকৃতি পাবৰ বাবে প্ৰথম পৰ্যায়ত হয়তো মহিলাৰ বিষয়ত কিছু পৰিমাণে স্থিতি পৰিৱৰ্তন কৰিব পাৰে তালিবান নেতৃত্ব‌ই । কিন্তু কিছুদিন ক্ষমতাত থকাৰ পাছতে নিজৰ পূৰ্বৰ স্থিতিত আহিবলৈ সময় নালাগিব ।’

বিগত বৰ্ষৰ ২৯ ফেব্ৰুৱাৰীত কাতাৰৰ দোহাত তালিবান নেতৃত্বৰ স’তে শান্তি চুক্তি স্বাক্ষৰ কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ‘এগ্ৰিমেণ্ট ফৰ ব্ৰিংঙিং পিচ টু তাইৱান’ চুক্তিত কোৱা হয়, ২০২০ৰ জুলাইৰ ভিতৰত আফগানিস্তানত আমেৰিকাৰ সেনাৰ সংখ্যা ১৩ হেজাৰৰ পৰা হ্ৰাস কৰি আঠ হেজাৰ ছশ কৰা হ’ব । ২০২১ৰ এপ্ৰিলৰ ভিতৰত আমেৰিকাৰ সেনা আফগানিস্তানৰ পৰা আহি যাব, এই আশ্বাসো প্ৰদান কৰা হৈছিল ট্ৰাম্প প্ৰশাসনৰ চুক্তিত ।

জ’ বাইডেনে ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি হোৱাৰ পাছত চলিত বৰ্ষৰ ১৩ এপ্ৰিলত জনোৱা হয়, এই পৰ্যন্ত আফগানিস্তানত থকা আঢ়ৈ হেজাৰ সেনাক ১১ ছেপ্টেম্বৰৰ ভিতৰত উভতাই অনা হ’ব । কিন্তু চলিত বৰ্ষত আফগানিস্তানত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে ।

এক মে’ত হেলমন্দ প্ৰদেশৰ সামৰিক ঘাঁটিৰ নিয়ন্ত্ৰণ আফগান প্ৰশাসনৰ হাতত তুলি দিয়ে আমেৰিকাৰ সেনাবাহিনীয়ে । ইয়াৰ পাছতেই বিভিন্ন আফগান ঘাঁটিত তালিবান আক্ৰমণৰ ঘটনা অধিক বৃদ্ধি পাইছে । লণ্ডনত জি-৭ শীৰ্ষ বৈঠকত আফগান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু ইউৰোপীয় ইউনিয়নৰ বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰতিনিধি জ’ছেপ ব’ৰেলে ।

Exit mobile version