অচিৰে ‘বেটেলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া’ নামৰে ভাৰতলৈ প্রত্যাৱৰ্তন কৰিব পাবজীয়ে

battle ground mobile india 1

বিগত এবছৰ ধৰি পাবজী মবাইলে ভাৰতলৈ প্রত্যাৱর্তনৰ চেষ্টা অব্যাহত ৰাখিছে। পাবজীপ্রেমীসকলৰ দীর্ঘ অপেক্ষাৰ অচিৰে অন্ত পৰিব। পাবজী গে’ম প্রস্তুতকাৰক কোম্পানী ক্রেফটনে প্রকাশ কৰা মতে, অচিৰে ভাৰতত তেওঁলােকে নতুন গেম মুকলি কৰিব।

ক্রেফটনে এক প্ৰেছ বিজ্ঞপ্তিত ঘােষণা কৰা মতে, এইবাৰ ‘বেটেলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া’ নামৰে পাবজীয়ে ভাৰতলৈ প্রত্যাৱর্তন ঘটাব। অৱশ্যে কোম্পানীটোৱে ভাৰতত নতুন অনলাইন ম’বাইল গেম মুকলি কৰাৰ দিন-তাৰিখ এতিয়াও ঘােষণা কৰা নাই।

প্ৰেছ বিজ্ঞপ্তিত কোম্পানীটোৱে প্ৰকাশ কৰা মতে, বেটেলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া’ গেমৰ বাবে প্রথমে ‘প্রি-ৰেজিস্ট্রেচন’ কৰিব লাগিব। ইয়াৰ পাছত এই গেম ভাৰতত কোম্পানীটোৱে মুকলি কৰিব। এই নতুন অনলাইন গেম কেৱল ভাৰততহে উপলব্ধ হ’ব। ক্রেফটনে প্রকাশ কৰা মতে, নতুন ম’বাইল গেম প্রস্তুতকৰণৰ ক্ষেত্ৰত কোম্পানীটোৱে ডেটা প্রাইভেছী আৰু ডেটা ছিকিউৰিটীত সর্বাধিক গুৰুত্ব দিছে।

ডেটা ছিকিউৰিটীৰ বাবে কোম্পানীটোৱে আন প্রতিষ্ঠানৰ সহযােগিতা গ্রহণ কৰিছে। ভাৰত চৰকাৰৰ নিয়ম অনুসৰি এই ম’বাইল গেমৰ ব্যৱহাৰকাৰীসকলৰ তথ্যপাতি সংৰক্ষণ আৰু সুৰক্ষিত ৰখাৰ প্ৰয়ােজনীয় ব্যৱস্থা ক্রেফটনে গ্ৰহণ কৰিব। কোম্পানীটোৱে বেটেলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ প্ৰথমটো ল’গ’ ইতিমধ্যে মুকলি কৰিলে।

ইউটিউব চেনেলতাে ক্রেফটনে এই নতুন ম’বাইল গেমৰ টিজাৰ মুকলি কৰিছে। ক্রেফটনৰ সূত্ৰই লগতে প্ৰকাশ কৰা মতে, পাবজী ম’বাইলকে কোম্পানীটোৱে ভাৰতত বেটেলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া নামৰে মুকলি কৰিব।

Exit mobile version