উপগ্ৰহৰ জৰিয়তে প্রত্যক্ষভাৱে লাভ কৰিব দুৰন্ত ইণ্টাৰনেট : সাজু এলন মাস্ক

5fd3e725e00bce00188baf80

ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত ইমানদিনে প্রচলিত ব্যৱস্থাৰ ছবিখন অচিৰে সলনি হ’ব। এই দাবী বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ।

মাস্কৰ প্ৰতিষ্ঠান ষ্টাৰলিংকে কৃত্রিম উপগ্রহৰ জৰিয়তে প্রত্যক্ষভাৱে ইণ্টাৰনেটসেৱা প্ৰদানৰ ব্যৱস্থা কৰিছে। এই সুবিধা আগন্তুক সময়ত ভাৰতীয়সকলেও লাভ কৰিব।

কেইসপ্তাহমান পূর্বে উপগ্ৰহৰ পৰ পােনপটীয়াকৈ ইণ্টাৰনেট সংযােগ লাভৰ ‘প্রি অর্ডাৰ প্রক্রিয়া মাস্কৰ সংস্থাটোৱে আৰম্ভ কৰিছিল। মাত্র ৯৯ ডলাৰৰে কোম্পানীটোৱে হাইস্পিড ইণ্টাৰনেটসেৱাৰ সংযােগৰ প্রি অর্ডাৰ গ্ৰাহকৰ পৰা গ্ৰহণ কৰিছিল।

যােৱা মঙলবাৰে মাঙ্কে প্রকাশ কৰা মতে, ষ্টাৰলিংকে ইতিমধ্যে পাঁচ লাখ প্রি অর্ডাৰ লাভ কৰিছে। যােৱা মঙলবাৰে ফেলকন-৯ রকেটৰ সহায়ৰে পুনৰ ৬০টা স্টালিংক উপগ্ৰহ স্পেচএক্সে উপেক্ষণ কৰিছিল।

ইয়াৰ পাছতে মান্ধব সংস্থাটোৱে নতুন ইণ্টাৰনেটসেৱাৰ বিষয়ে কিছু তথ্য ৰজা কৰে। বজাৰত বর্তমান উপলব্ধ সকলাে ধৰণৰ ইণ্টাৰনেটসেৱাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে মাস্কৰ ষ্টাৰলিংক প্রতিষ্ঠান।

প্রতিষ্ঠানটোৱে দবী কৰা অনুসৰি, ফাইবাৰ অপটিক সংযােগতকৈ কৃত্রিম উপগ্ৰহৰ মাধ্যমৰে ইণ্টাৰনেট সংযোেগ সম্পন্ন হ’লে ইয়ৰ গতি সর্বাধিক হ’ব।তদুপৰি ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে বিশ্বজুৰি নিৰৱচ্ছিন্ন সেবা লাভ কৰিব পাৰিব।

প্রাথমিকভাবে এহেজাৰ আৰু ইয়াৰ পাছত ১২ হেজাৰ কৃত্রিম উপগ্রহৰ জৰিয়তে ষ্টাৰলিংকে অত্যাধুনিক দ্রুতগতিৰ ইণ্টাৰনেটসেৱা আগবঢ়াব।

বর্তমানে যদিও আন কিছু সংস্থায়াে কৃত্রিম উপগ্রহৰ জৰিয়তে ইণ্টাৰনেটসেৱা প্ৰৱৰ্তন কৰিছে, মাস্কৰ সংস্থাটোৱে দাবী কৰা মতে, তেওঁলােকে উপেক্ষণ কৰা উপগ্রহসমূহ পৃথিৱীৰ পৰা ৬০ গুণ অধিক সমীপত থাকিব আৰু সেয়েহে ইণ্টাৰনেটৰ গতি সর্বাধিক হ’ব।

Exit mobile version