কৰ’না নিৰাময়ৰ বাবে ব্যস্ত হ’ল বাস্তৱৰ মুন্নাভাই

148sqc88 madhya pradesh field

তলত পথাৰত শাৰী শাৰীকৈ শুই আছে ৰােগী। বিছনা নাই। প্লাষ্টিকৰ চাদৰ বা কার্ড ব’র্ডৰ খণ্ডৰ ওপৰতে তেওঁলােক শুই আছে । গছত উলমি আছে চেলাইনৰ বটল।

সেইদৰেই ক’ভিড-১৯ ৰােগৰ চিকিৎসাত ব্যস্ত হৈ আছে এদল বাস্তৱৰ মুন্নাভাই। ঠিক যেন মুন্নাভাই এমবিবিএছ ছবিৰ দৃশ্য। এই বিশেষ চিকিৎসা’ চলিছে মধ্যপ্ৰদেশৰ এখন প্রত্যন্ত অঞ্চলত।

যাৰ ভিডিঅ’ প্রচাৰিত হােৱাৰ পাছতে চমকি উঠে ৰাজ্যখনৰ স্বাস্থ্য বিভাগাে। চৰকাৰী চিকিৎসালয়ৰ ক’ভিড কক্ষত ভর্তি হ’বলৈ অনিচ্ছুক গাঁওবাসীসকলৰ এতিয়া ভৰসা এই মুন্নাভাইসকলেই মধ্যপ্রদেশৰ আগাৰ-মালৱা জিলাৰ এক অতি ভিতৰুৱা অঞ্চলত এদল অনুজ্ঞাপত্রহীন ভুৱা চিকিৎসকে চলাইছিল এখন ক’ভিডৰ হাস্পতাল।

নাছিল কোনাে ধৰণৰ চিকিৎসাগৃহ, বিদ্যুতৰ ব্যৱস্থা ঔষধ-পাতি। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্রায় দুশ মিটাৰ নিলগৰ খনিয়াখেড়ি গাঁৱৰ এখন কমলাৰ বাগানতে ভুৱা চিকিৎসক দলটোৱে মুকলিতে এই চিকিৎসাৰ ব্যৱস্থা কৰিছিল।

চিকিৎসাৰ নামত আছিল একাংশ গছৰ ডালত ওলমাই থােৱা চেলাইনৰ বটল। নাই কোনাে সামাজিক দূৰত্ব, ব্যৱহাৰ নাছিল মাস্কৰ। তথাপি তাতেই কৰ’নাৰ চিকিৎসাৰ বাবে ভিৰ কৰিছিল সমীপৰ প্রায় ১০খন গাঁৱৰ বাসিন্দাই। কোনাে মানুহেই কেমেৰাৰ সন্মুখত কথা ক’বলৈ বিচৰা নাছিল।

অৱশ্যে তেওঁলােকে স্থানীয় সাংবাদিকক জনায় যে তেওঁলােকে চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ যাবলৈ ভয় কৰে। কিয়নাে ৰােগীক ক’ভিড কক্ষত ভর্তি কৰােৱা হয় আৰু তাতত ইতিমধ্যেই বহু ৰােগীৰ মৃত্যু হৈছে। খণ্ড স্বাস্থ্য বিষয়া মনীষ কুৰিলে কয়, চৰকাৰে এনে ভুৱা চিকিৎসক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

আমি সকলােকে অনুৰােধ জনাইছাে যে ঠাণ্ডা লাগিলে বা কাহ হলে কোনাে প্রকৃত চিকিৎসকৰ ওচৰলৈ যাওক আৰু কৰ’নাৰ পৰীক্ষা কৰাওক। অন্যথা অনেক পলম হ’ব। ইফালে, এই কথা অৱগত হােৱাৰ পাছতে মুখ্য মেডিকেল আৰু স্বাস্থ্য বিষয়া ডাঃ ছামান্দাৰ সিং মালৱিয়াই এটা তদন্তকাৰী দল উক্ত মুকলি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু ভুৱা।

চিকিৎসকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। অৱশ্যে তদন্তকাৰী দল উপস্থিত হােৱাৰ পূর্বেই সকলাে ৰােগীক তাৰ পৰা আঁতৰাই নিয়া হৈছিল। কোনাে ভুৱা চিকিৎসককো তেওঁলােকে দেখা নাপালে। দলটোৱে কেৱল কেইটামান খালী চেলাইনৰ বটলহে প্রত্যক্ষ কৰে। উল্লেখ্য যে জিলাখনত বিগত ২৪ ঘণ্টাত ৪৯২জন সক্রিয় ৰােগী নথিভুক্ত হয়।

Exit mobile version