চিৰাঙত ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰৰ লোকক ক’ভিড প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021 05 07 at 3.45.29 PM 2

চিৰাঙত আজিৰে পৰা আৰম্ভ ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰৰ লোকৰ ক’ভিড প্ৰতিষেধক প্ৰদান।

চিৰাং জিলাৰ তিনিখন ঠাইত আজি এই প্ৰতিষেধক প্ৰদান কৰিছে জিলা স্বাস্থ্য বিভাগে।

কাজলগাঁও নগৰীয়া স্বাস্থ্য কেন্দ্ৰ,বাসুগাঁও টাউন জেবি স্কুল আৰু বিজনী নতুন বাছ আস্থান সমুহীয়া কেন্দ্ৰ ত প্ৰতিষেধক প্ৰদান কৰে।

পুৰ্বতে অনলাইন পঞ্জিয়ন কৰা ১৫০ জন লোকক এই প্ৰতিষেধক দিব কাজলগাঁও নগৰীয়া স্বাস্থ্য কেন্দ্ৰত।

ৰাতিপুৱাৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিষেধক লোৱাৰ বাবে আহি লোক সকলে ভিৰ কৰা পৰিলক্ষিত হৈছে কাজলগাঁওত।

শাৰি পাতি ক’ভিডৰ সকলো প্ৰটকল মানি সকলে লোকে প্ৰতিষেধক লৈছে।

Exit mobile version