সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দেৰ নেতৃত্বত এটি সজাতি দলৰ শ্ৰীৰামপুৰত আশ্ৰয় শিবিৰ পৰিদৰ্শন

WhatsApp Image 2021 05 07 at 4.08.06 PM

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। যিসকল লোক বি জে পি দলৰ কৰ্মী বা সমৰ্থক তেওঁলোকক তৃণমূল কৰ্মীয়ে মাৰপিট কৰাই নহয় ঘৰ বাৰি জ্বলাই দিয়াৰ উপৰি ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যাপক লুঠপাট চলোৱাৰ উপৰিও লণ্ড ভণ্ড কৰা আৰম্ভ কৰিছে।

তৃণমূল কৰ্মীৰ আক্ৰমনত প্ৰাণৰ মায়াত পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ফলিমাৰী আৰু ৰামপুৰ অঞ্চলৰ একাংশ লোক প্ৰাণ বচাবলৈ অসমৰ শ্ৰীৰামপুৰত আহি উপস্থিত হয়। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমা প্ৰশাসনে লোক সকলৰ স্বাস্হ্য পৰীক্ষা কৰি শ্ৰীৰামপুৰস্থিত মহাত্মা গান্ধী ৰাষ্ট্ৰ ভাষা এম ই স্কুলত শিবিৰ স্থাপন কৰি আশ্ৰয় দিয়ে।

আজি পুৱা সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দেৰ নেতৃত্বত এটি সজাতি দলে আশ্ৰয় শিবিৰত থকা লোকসকলৰ পৰিস্থিতিৰ বুজ লয়লয় লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ লগত মত বিনিময় কৰে।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দে কয় যে তৃনমূল কংগ্ৰেছৰ কৰ্মীসকলে বিজেপিৰ কৰ্মীক আক্ৰমণ কৰা ঘটনাটো তীব্ৰ ভাষাৰে নিন্দা জনায় আৰু পশ্চিম বংগত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী জনায় লগতে কেন্দ্রীয় চৰকাৰক উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।

Exit mobile version