কৰ’নাত আক্ৰান্ত বলীউডৰ কুইন কংগনা ৰণৌট

Kangana Ranaut 1200 1

এইবাৰ কৰ’নাত আক্ৰান্ত বলীউডৰ কুইন কংগনা ৰণৌট । এই কথা অভিনেত্ৰীগৰাকীয়ে নিজেই শনিবাৰে ৰাতিপুৱা ছ’চিয়েল মিডিয়া যুগে জানিবলৈ দিয়ে।অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো প’ষ্ট কৰি তেওঁ কৰ’না ৰিপৰ্ট পজিটিভ বুলি জানিবলৈ দিয়ে।

ADVERTISEMENT

ফটোখনত তেওঁ ধ্যানৰ ভংগীমাত প’জ দি আছিল, আৰু ফটোখনত কেপচনত লিখিছে ‘মই যোৱা কেইদিনমান ধৰি শাৰীৰিকভাৱে অলপ দুৰ্বল অনুভৱ কৰি আছিলো। চকুত জ্বলা-পোৰাও হৈছিল। গতিকে মই মোৰ কৰ’না পৰীক্ষা কৰাইছিলো আৰু ৰিপৰ্টত পজিটিভ পোৱা গ’ল।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল যে তেওঁ মুখ্যতঃ হিমাচল প্ৰদেশত তেওঁৰ পৰিয়ালক লগ কৰাৰ পৰিকল্পনা কৰি আছিল। কিন্তু সেইখিনিয়ে এতিয়া সম্ভৱ নহয়।

Exit mobile version