ড০ হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন : কংগ্ৰেছ

himanta biswa sarma 1

বিজেপি বিধায়িনী দলৰ তথা মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত হোৱা ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ই সদৰি কৰা এক বিবৃতিত কয় যে, অহাকালি ৰাজ্যখনৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে দ্বায়িত্ব গ্ৰহণ কৰিবলগীয়া ড০ শৰ্মাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা যাচিলো আৰু পৰবৰ্তী কালত ৰাজ্য খনৰ সকলো উন্নয়নমূলক কামত যোগাত্মক সহযোগিতা অব্যাহত থাকিব।

ইয়াৰোপৰি সাম্প্ৰতিক সময়ত ক’ভিড মহামাৰী সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে আমাৰ দলৰ লগতে মহাজোঁটৰ অংশীদাৰ সকলো দলৰে সমৰ্থন অব্যাহত থাকিব।”

Exit mobile version