২৭ ছেকেণ্ডত সন্তান জন্ম দিলে হ্যাম্পছেয়াৰৰ তৰুণীয়ে

Sophie Bugg Woman gives birth in 27 seconds

মাত্র ২৭ ছেকেণ্ডৰ ভিতৰত সন্তান প্রসৱ কৰিলে ব্রিটেইনৰ হ্যাম্পছেয়াৰৰ এগৰাকী তৰুণীয়ে। সকলােতকৈ অতি কম সময়ৰ ভিতৰত সন্তান।

প্রসৱ কৰা তৰুণীগৰাকী হ্যাম্পছেয়াৰৰ ছফি বাগ। ৩৮ সপ্তাহৰ অন্তঃসত্ত্বা ছফিৰ মাজনিশা টোপনিৰ পৰা সাৰ পায় তলপেটত অনুভৱ কৰা সামান্য বিষৰ বাবে কিছু অস্বস্তি অনুভৱ কৰা তৰুণীগৰাকীয়ে শৌচাগাৰলৈ গৈছিল যদিও শৌচাগাৰত বহি অনুভৱ কৰিছিল যে সন্তান প্রসৱৰ সময় হৈছে।

সেয়েহে শৌচাগাৰৰ পৰা সেই অৱস্থাতে উঠি আহিছিল ছফিয়ে। সেই সময়তে সন্তানৰ মূৰ ওলাই অহা প্রত্যক্ষ কৰি অৱশ হৈছিল তেওঁৰ স্বামীয়ে। কিন্তু তাৰ পিছ মুহূর্ততে এটি কন্যা সন্তান প্ৰসৱ কৰিছিল। সন্তান প্রসৱৰ বাবে মাত্র ২৭ ছেকেণ্ডৰ প্রয়ােজন হােৱা ছফিৰ কন্যাৰ নাম ৰখা হৈছে মিলি।

Exit mobile version