অসমৰ নব নির্বাচিত মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জাফাৰ কোকৰাঝাৰ জিলা সমিতিৰ লগতে দোতমা প্ৰেছ ক্লাৱৰ

WhatsApp Image 2021 05 10 at 5.26.43 PM

দুই মে’ ত অসম বিধানসভা নির্বাচনৰ ফলাফলৰ পাছত অসমৰ ৰাজনীতিত মূখ্যমন্ত্রীক লৈ যি এক উৎকণ্ঠাৰ সৃষ্টি হৈছিল তাৰ পৰিত্ৰাণ পেলাই কেন্দ্রীয় চৰকাৰে অসমৰ প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰবৰ্তী মূখ্যমন্ত্রী হিচাপে নিৰ্বাচিত কৰে।

হিমন্ত বিশ্ব শৰ্মাক মূখ্যমন্ত্রী পদ প্ৰদান কৰাৰ বাবে জাফাৰ কোকৰাঝাৰ জিলা সমিতিৰ লগতে দোতমা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন জ্ঞাপন কৰে।

আজি জাফাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰ্মনে সাংবাদিকৰ এক সাক্ষাৎকাৰত কয় যে হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰবৰ্তী মূখ্যমন্ত্রী হোৱাৰ বাবে আমি জাফাৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছো।

লগতে কৃষ্ণ বৰ্মনে আৰু কয় যে প্ৰাক্তন মূখ্যমন্ত্রী তথা জননেতা সৰ্বানন্দ সোণোৱাল ভাঙৰীয়াক যাতে কেন্দ্রীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভাঙৰীয়াই কেন্দ্রীয় মন্ত্রী সভাত ভাল স্থান দিয়ে তাৰ বাবে আহ্বান জনায়।

লগতে দোতমা প্ৰেছ ক্লাৱৰ সহঃ সম্পাদক ধনকেশ বৰ্মনে সাংবাদিকৰ এক সাক্ষাৎকাৰত কয় যে হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰবৰ্তী মূখ্যমন্ত্রী হোৱাৰ বাবে আমি দোতমা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছো।

লগতে নৱ গঠিত মিত্রজোটৰ চৰকাৰখনকো শুভকামনা জনায়, আগন্তুক দিনত চৰকাৰখনে যাতে ভালদৰে কাম কৰে আৰু অসম ৰাজ্যখন ভাৰতৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে স্থান পায় তাৰ বাবেও আহ্বান জনায় বৰ্মনে।

Exit mobile version