এবছৰ ধৰি সংগীৰ স’তে ঘৰতে থাকিও কৰ’নাত আক্রান্ত লেখিকা তছলিমা

Taslima Nasreen

কৰ’নাত সংক্রমিত হ’ল বাংলাদেশৰ স্বনির্বাসিত লেখিকা তছলিমা নাছৰিণ। টুইট কৰি দেওবাৰে এই কথা প্রকাশ কৰি কৰ’নাত আক্রান্ত হােৱাৰ বাবে আশ্চর্য প্রকাশ কৰিলে বিতর্কিত লেখিকাগৰাকীয়ে।

বিগত এবছৰ ধৰি তছলিমাই নিজকে ঘৰতে আবদ্ধ ৰাখিছে। তেওঁৰ ঘৰলৈকো কোনাে ব্যক্তি ইমানদিনে অহা নাই। কিন্তু তাৰ পাছত কেনেকৈ কৰনাত সংক্রমিত হ’ল বুলি উদ্বিগ্নতা প্রকাশ কৰিলে তছলিমাই।

তছলিমাই টুইট কৰি কয়, অকলশৰীয়া ঘৰটোত মােৰ সংগী কেৱল এটা মেকুৰী। কিন্তু ইয়াৰ পাছত মই ক’ভিডত আক্রান্ত। কেনেকৈ সংক্রমিত হলাে সেই কথা জানিব পৰা হ’লে ?

ঘৰৰ বাহিৰলৈ নােলােৱাকৈ আৰু আন কোনাে ব্যক্তিৰ সংস্পৰ্শলৈ নহাৰ পাছতাে তছলিমা ক’ভিডক সংক্রমিত হােৱাক লৈ চিন্তা প্রকাশ কৰিলে চিকিৎসকলকলে।

উল্লেখ্য যে যােৱা বছৰত ভাৰতত দিল্লীৰ নিজামুদ্দিনত হােৱা তবলিগি জামাতৰ সন্মিলনক কৰ’না সংক্ৰমণৰ বাবে জগৰীয়া কৰিছিল তছলিমাই। তবলিগি জামাতত নিষিদ্ধ কৰিবলৈকো বাংলাদেশী মূলৰ বিতর্কিত লেখিকাগৰাকীয়ে দাবী জনাইছিল।

Exit mobile version