কাকীত কৰ’নাৰ গণসংক্ৰমণ

গাঁৱৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানে ল'লে কালৰূপ

WhatsApp Image 2021 05 10 at 5.28.55 PM

অতিমাৰী ক’ৰনাৰ দ্বিতীয়টো তৰংগই ৰাজ্যখনত জটিল ৰূপ ধাৰণ কৰাৰ সময়তেই হোজাই জিলাৰ কাকীত সংঘটিত হৈছে গণ সংক্ৰমণৰ ।

১ নং কাকী ২ নং বঢ়মপুৰ গাঁওখনৰ এখন বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ পৰায়েই সংঘটিত হৈছে এই গণ সংক্ৰমণৰ ঘটনা।আজি পৰ্যন্ত বিয়াখনৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থকা ১৭ জনকৈ লোকৰ দেহত পোৱা গৈছে ক’ভিড পজিটিভ ।

উল্লেখ্য যে, যোৱা চাৰি মে’ত গাঁওখনৰ হীৰকজ্যোতি ফুকন নামৰ যুৱকজনৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান আছিল।উক্ত অভ্যৰ্থনা অনুষ্ঠানত গাঁওখনৰ প্ৰায় সংখ্যক লোক বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত আছিল।

ইয়াৰ পাছতে যোৱা আঠ মে’ৰ দিনা দৰাৰ ভায়েক ৰূপজ্যোতি ফুকনৰ দেহত পোৱা গৈছে ক’ভিডৰ উপস্থিতি। ইয়াৰ পৰৰ্ৱতী সময়ত কাকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিভাগে তৎপৰতাৰে বিবাহৰ অভ্যৰ্থনাস্থলীত উপস্থিত থকা গাঁওখনৰ একাংশ লোকক ক’ভিড পৰীক্ষা আৰম্ভ কৰে।

স্বাস্থ্য বিভাগৰ পৰীক্ষাত যোৱা দুটা দিনত ১৭ জনকৈ লোক ক’ভিডত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হয়। ইপিনে, বৰ্তমানলৈকে গাঁওখনৰ বহুজনক ক’ভিড টেষ্ট কৰিবলৈ বাকী আছে বুলি প্ৰকাশ কৰে স্বাস্থ্য বিভাগে।

এনে অৱস্থাত বিবাহ খনৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থকা আন বহুজনৰ দেহত ক’ভিডৰ উপস্থিতিৰ শংকা কৰা গৈছে।আনহাতে,হোজাইৰ স্বাস্থ্য বিভাগে গাঁওখনত পুনৰ আজিৰ দিনটোতো ৰেপিড এন্টিজেন টেষ্ট অব্যাহত ৰাখিচে।সম্প্ৰতি গাঁওখন কন্টেইন্টমেন্ট জ’ন ৰূপে ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিচে।

Exit mobile version