কৰ’নাৰ নতুন প্রজাতি কে’বাগুণ ভয়ংকৰ, ভাৰতে বঢ়াব লাগিব টিকাকৰণ : বিশ্ব স্বাস্থ্য সংস্থা

Covid Vaccine Unicef India

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুখ্য বিজ্ঞানী ডাঃ সৌম্য স্বামীনাথনে ভাৰতৰ কৰ’না সংক্ৰমণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিলে। বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰা মতে, ভাৰতত হঠাতে কৰ’নাৰ সংক্রমণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ অন্যতম কাৰণটো হৈছে নতুন প্রজাতিৰ ক’ভিডৰ সংক্ৰমণ আৰু এই প্রজাতিৰ ভাইৰাছ যথেষ্ট সংক্রামক হােৱাৰ লগতে প্রাণঘাতক প্রমাণিত হৈছে।

ADVERTISEMENT

কৰ’নাৰ নতুন প্রজাতি পূৰ্বৰ তুলনাত কে’বাগুণ অধিক ভয়াৱহ বুলি জানিবলৈ দি ডাঃ স্বামীনাথনে কয় যে এই ভয়াৱহ পৰিস্থিতিৰ পৰা সকাহ লাভ কৰিবলৈ হ’লে ভাৰতে টিকাকৰণ অভিযানক ব্যাপক কৰি তােলাত গুৰুত্ব দিয়াৰ গত্যন্তৰ নাই। স্বামীনাথনে কয় যে ভাৰতত কৰ’না ই যি ধৰণৰে তাণ্ডৱ চলাইছে ইয়াৰ পৰা স্পষ্টভাৱে বুজিব পাৰি যে এই নতুন প্রজাতিৰ ভাইৰাছ পূৰ্বৰ তুলনাত অধিক সংক্রামক আৰু প্রাণঘাতক।

যােৱা অক্টোবৰত ভাৰতত চিনাক্ত হােৱা কৰ’নাৰ নতুন প্রজাতিৰ ভাইৰাছৰ সংক্ৰমণত বর্তমানে দৈনিক চাৰি লাখৰাে অধিক লােক ৰােগাক্রান্ত হৈছে। এই ভাইৰাছৰ দ্রুত চৰিত্ৰৰ পৰিৱৰ্তন হৈ আহিছে আৰু আগন্তুক সময়ত ক’ভিডৰ এই ষ্ট্রেন অধিক প্রাণঘাতক হােৱাৰ শংকা আছে বুলিও মত প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীগৰাকীয়ে।

Exit mobile version