নিৰাপদে নিজ‌ দেশত উভতিল ৰাছেল, নাৰাইন

বিচিচিআই-ক ধন্যবাদ ৱেষ্ট ইণ্ডিজৰ

32z6Jbt8qp

নিজ দেশত উভতিল আইপিএলত অংশগ্ৰহণ কৰা সকলো কেৰিবিয়ান ক্ৰিকেট খেলুৱৈ । সোমবাৰে এই তথ্য সদৰী কৰে ৱেষ্ট ইণ্ডিজৰ কৰ্তাই । লগতে, ক্ৰিকেটাৰসকলক নিৰাপদে উভতোৱাৰ বাবে ধন্যবাদ জনায় ভাৰতীয় বোৰ্ডক ।

একাধিক ক্ৰিকেট খেলুৱৈৰ শৰীৰত ক’ভিডৰ উপস্থিতি লাভ কৰাৰ পাছতে চাৰি মে’ত আইপিএল স্থগিত কৰা হয় । ইয়াৰ পাছতেই ক্ৰিকেট খেলুৱৈসকলে নিজ দেশত উভতিবলৈ লয় । কায়ৰন পোলাৰ্ড, জেছন হোল্ডাৰ, সুনীল নাৰাইণ, আন্দ্ৰে ৰাছেল, দ্বনে ব্ৰাভ’, নিক’লাছ পুৰান, ছিমৰন হেটমেয়াৰ আৰু ফেবিয়েন এলেন দেশত উভতি যায় ।

ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ কৰ্তা জনি গ্ৰেভে কয়, ‘সকলো ক্ৰিকেট খেলুৱৈ আৰু টেলিভিছন প্ৰডাক্সনৰ স’তে জড়িত প্ৰত্যেকে নিৰাপদে কেৰিবিয়ান দ্বীপপুঞ্জলৈ উভতি আহিছে । নিৰাপদে উভতোৱাৰ বাবে আমি বিচিচিআই আৰু আইপিএলৰ দলবোৰৰ কাষত কৃতজ্ঞ ।’

আইপিএল দলবোৰৰ ভিতৰত আটাইতকৈ বেছি ক’ভিড-১৯ত আক্ৰান্ত হৈছিল কলকাতা নাইট ৰাইডাৰ্ছৰ সদস্য । প্ৰথমে বৰুণ চক্ৰৱৰ্তী আৰু সন্দ্বীপ ৱাৰিয়ৰৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে । ইয়াৰ পাছত দিল্লীৰ অমিত মিশ্ৰ আৰু ঋদ্ধিমান সাহা কৰ’নাত আক্ৰান্ত হয় । আইপিএল স্থগিত হোৱাৰ পাছতো ক্ৰিকেট দলৰ সদস্যসকল ক’ভিডত আক্ৰান্ত হৈয়ে থাকে ।

Exit mobile version