লৰেঞ্চ ইছলাৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে বিটিআৰৰ বিভিন্ন দল সংগঠন

download 5 2

কোকৰাঝাৰ জিলাৰ মিত্রজোঁটৰ সমৰ্থিত আৰু ইউপিপিএলৰ একমাত্র বিজয়ী প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্র সন্থা, সদৌ বিটিআৰ নাথ যোগী ছাত্র সন্থা আৰু সদৌ বিটিআৰ সুত্রধৰ সন্মিলনীয়ে ।

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্র সন্থাৰ সম্পাদক সুজিত দাসে লৰেঞ্চ ইছলাৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাত তীব্র প্ৰতিবাদ কৰাৰ লগতে লৰেঞ্চ ইছলাৰীক পৰৱৰ্তি মন্ত্রী সভা সম্প্ৰসাৰণত মন্ত্রীত্ব প্ৰদানৰ বাবে নৱ নিৰ্বাচিত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক আহব্বান জনায়।

সদৌ বিটিআৰ নাথ যোগী ছাত্র সন্থাৰ সম্পাদক অৰূপ কুমাৰ নাথে প্ৰমোদ বড়ো ডাঙৰীয়াক সময় থাকোতে কোকৰাঝাৰ জিলাৰ ইউপিপিএল দলৰ একমাত্র বিজয়ী প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীক মন্ত্ৰীত্ব প্ৰদান কৰি কোকৰাঝাৰবাসী ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনায়।

সুত্রধৰ সন্মিলনীৰ অমূল্য সুত্রধৰে অসমৰ নৱ নির্বাচিত মুখ্যমন্ত্রীগৰাকীক অভিনন্দন জ্ঞাপন কৰে আৰু লৰেঞ্চ ইছলাৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাত তীব্র প্ৰতিবাদ কৰে । তেওঁ লগতে লৰেঞ্চ ইছলাৰীক পৰৱৰ্তি মন্ত্রী সভা সম্প্ৰসাৰণত মন্ত্রীত্ব প্ৰদানৰ বাবে দাবী জনায়।

Exit mobile version