আইআইটিৰ ছাত্ৰই গােৰখপুৰত বিক্ৰী কৰিছে শাক-পাচলি

Exclusive IITian selling vegetables in Gorakhpur All India got 104th

উত্তৰ প্ৰদেশৰ গােৰখপুৰৰ ব্ৰহ্মপুৰ অঞ্চলত এখন ঠেলাত শাক-পাচলি বিক্ৰী কৰা এজন যুৱক শেহতীয়াভাৱে সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈছে।

দৰাচলতে এইজন শাক-পাচলি বিক্রেতা যুৱক ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজী, খড়গপুৰ (আই আই টি)ৰ এমটেকৰ ছাত্র। পাচলি বিক্রেতাজনৰ নাম ৰামগােপাল কাশ্যপ আৰু তেওঁ গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং-২০২০ত দেশৰ ভিতৰত ১০৪ সংখ্যক স্থান লাভ কৰিছিল।

ব্রহ্মপুৰ নিবাসী ৰামগােপালে পিতৃক আর্থিক দিশত সহায় কৰিবলৈ এইদৰে শাক-পাচলি বিক্ৰীৰ ব্যৱসায়ত জড়িত হৈছে। দৰাচলতে ৰামগােপালৰ পিতৃ এজন পাচলি বিক্রেতা আছিল।

কিন্তু সম্প্রতি পিতৃ অসুস্থ হােৱাত পৰিয়াল প্রতিপালনৰ বাবে ৰামগােপালে পিতৃৰ ব্যৱসায়ত জড়িত হ’বলৈ বাধ্য হ’ল। ৰামগােপালে প্রকাশ কৰা মতে, সম্প্রতি তেওঁ এমটেকৰ দ্বিতীয়বৰ্ষৰ পাঠ অনলাইনৰ জৰিয়তে গ্ৰহণ কৰি এইদৰে বিয়লিবেলা শাক-পাচলিৰ ব্যৱসায় কৰি আহিছে।

কৰ’নাৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি আৰু পিতৃৰ বয়স অধিক হােৱা হেতুকে সম্প্রতি অসুস্থ পিতৃক ৰামগােপালে ঘৰতে জিৰণি ল’বলৈ পৰামর্শ দি পিতৃৰ পাচলিৰ ব্যৱসায়ৰ দায়িত্ব নিজে মূৰ পাতি লৈছে।

আইআইটিৰ ছাত্ৰই এইদৰে পাচলি, ফলমূল বিক্ৰী কৰাৰ বাতৰি চৰ্চিত হােৱাত কম সময়ৰ ভিতৰত ৰামগােপালে নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈকো সফল হৈছে।

Exit mobile version