চিৰাঙৰ বাসুগাঁৱত জুৱেলাৰী চুৰিকাণ্ড, অলংকাৰসহ গ্ৰেপ্তাৰ দুজন, এজন পলাতক

চিৰাঙৰ বাসুগাঁৱত জুৱেলাৰী চুৰিকাণ্ডৰ স’তে জড়িত দুই চোৰক গ্ৰেপ্তাৰৰ লগতে বৃহৎ পৰিমাণৰ আ-অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

চিৰাঙৰ বাসুগাঁও চহৰৰ প্ৰতিমা জুৱেলাৰ্চত যোৱা ২২ এপ্ৰিলৰ নিশা চুৰি হৈছিল । জুৱেলাৰীৰ তলা ভাঙি চুৰিকাণ্ডত নগদ ধনৰ লগতে সকলো আ-অলংকাৰ আৰু লকাৰ লৈছিল চোৰে । পিচদিনা দুৰামাৰীৰ নৈত উদ্ধাৰ হয় খালি লকাৰটো ।

জুৱেলাৰীৰ স্বত্বাধিকাৰী মৃনাল দেৱনাথে দিয়া এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ ধাৰা অনুসৰি ২৩/২১ নম্বৰ গোচৰ পঞ্জিয়ন কৰি আৰক্ষীয়ে গোপন অভিযান চলায় । জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা অভিযানত বঙাইগাঁও জিলাৰ ঘিলাগুৰীৰ জামাত আলী(৫০)ক গ্ৰেপ্তাৰ কৰে । তেওঁৰ স্বিকাৰোক্তিত প্ৰকাশ যে, বাসুগাঁও নতুন পাৰাৰ অৰুন বসুমতাৰী নামৰ পলাতক লোকজনৰ স’তে চুৰিকাণ্ড কৰিছিল জুৱেলাৰীখনত।

জুৱেলাৰীত চুৰি কৰা সামগ্ৰী খিনি বাসুগাঁৱৰ পাক্ৰিগুৰীৰ জহিৰ আলী নামৰ এজন লোকে ক্ৰয় কৰিছিল । আৰক্ষীয়ে তেওঁকো গ্ৰেপ্তাৰৰ পাছত সোণ আৰু ৰূপৰ আ-অলংকাৰৰ লগতে অন্যান্য সামগ্ৰীয়ো জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জামাত আৰু জহিৰ আলী নামৰ দুয়োজন লোকক গ্ৰেপ্তাৰৰ কৰি আইনি ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰিছে বুলি জনায় জিলা সদৰ উপ আৰক্ষী অধিক্ষকজনে ।

Exit mobile version