ভাৰতক ক’ভিড সংকটৰ পৰা পৰিত্ৰাণ দিবৰ বাবে ১১০ কোটিৰ অনুদান টুইটাৰৰ

file photo twitter ceo jack dorsey addresses students during a town hall at the indian institute of technology iit in new delhi

ভাৰতক ক’ভিড সংকটৰ পৰা পৰিত্ৰাণ দিবৰ বাবে এক কোটি ৫০ লাখ ডলাৰ দান কৰিলে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰে, ভাৰতীয় মুদ্ৰাত প্ৰায় ১১০ কোটি টকা । এই অনুদান কেন্দ্ৰীয় চৰকাৰৰ তহবিলত নহয়, স্বেচ্ছাসেৱী সংস্থা কেয়াৰ, এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেছনেল ইউএছ‌এ-ক প্ৰদান কৰিছে ।

সোমবাৰে টুইটাৰৰ চিইঅ’ জেক পেট্ৰিক ড’ৰছে এই বিষয়ত টুইটাৰত কয়, ‘ভাৰতক ক’ভিড সংকটৰ পৰা ৰক্ষা কৰিবৰ বাবে কেয়াৰ, এইড ইণ্ডিয়া আৰু সেৱা ইউএছ‌এ-ৰ ভিতৰত এক কোটি ৫০ লাখ ডলাৰ প্ৰদান কৰা হৈছে ।’

টুইটাৰে দিয়া হিচাপ অনুসৰি, এক কোটি ডলাৰ প্ৰদান কৰা হৈছে কেয়াৰ-ক । এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেছনেল দিয়া হৈছে ২৫ লাখ ডলাৰ ।

Exit mobile version