চিত্রগৃহত নহয়, অ’টিটি মঞ্চত মুক্তি দিব ছলমানে ‘ৰাধে’ক

salman khan

প্রতিশ্রুতি অনুসৰি এইবাৰৰ ঈদ দিনাই মুক্তি লভিব ছলমান খান নতুন ছবি ‘ৰাধে’। কিন্তু দেশজুৰি ক’ভিডৰ সংক্রমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্রতি লক্ষ্য ৰাখি চিত্ৰগৃহৰ পৰিৱর্তে অটিটি মাধ্যমত ৰাধে’ক মুক্তি দিয়াৰ সিদ্ধান্ত ল’লে ছবিখনৰ প্রযােজকে।

সেই অনুসৰি ঈদত ছলমানৰ অনুৰাগীসকলে ‘জি প্লেক্স’ত উপভােগ কৰিব পাৰিব ‘ৰাধে’ক। পূর্বে ছবিখনৰ প্রযােজকে ঘােষণা কৰি কৈছিল যে চিত্রগৃহ আৰু অটিটি মঞ্চ উভয়তে ৰাধে’ক মুক্তি দিয়া হ’ব।

কিন্তু কৰ’নাৰ সংক্রমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰাত দেশৰ ১৫ খন ৰাজ্যত সম্প্রতি তলাবন্ধ কৰা হৈছে। এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ছলমানৰ নতুন ছবিখন চিত্ৰগৃহৰ পৰিৱর্তে ‘জি প্লেক্স’ত মুক্তি দিয়াৰ সিদ্ধান্ত ল’লে ৰাধে’ৰ প্রযােজকে।

Exit mobile version