চিৰাঙৰ জিলা সদৰ জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড যোদ্ধা চিকিৎসক, নাৰ্ছৰ চৰকাৰী আৱাস নথকাৰ ফলত দুৰ্ভোগ

চিকিৎসা কৰ্মীক ভাড়া ঘৰ দিবলৈ ভয় কৰে মানুহে

চিৰাং জিলা সদৰ জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড যোদ্ধা চিকিৎসক-নাৰ্ছৰ চৰকাৰী আৱাস নথকাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে চিকিৎসা কৰ্মীসকলে । বিগত চাৰি-পাঁচ বছৰৰ পৰা অৰ্ধ নিৰ্মিত হৈ আছে চিকিৎসালয়খনৰ কৰ্মচাৰীসকলৰ আৱাস গৃহ।

চিকিৎসালয়খনৰ লগতে কে’বাটাও অট্টালিকা অৰ্ধনিৰ্মিত হৈ থকা পৰিলক্ষিত হৈছে । এইসমূহ আচলতে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ তথা অন্যান্য কৰ্মচাৰীসকলৰ বাবে নিৰ্মাণ কৰা চৰকাৰী আৱাস । এই আৱাস সম্পূৰ্ণ নোহোৱাৰ বাবে একাংশ চিকিৎসক নাৰ্ছ চিকিৎসালয়খনৰ ভাড়া কেবিনত থাকিবলগীয়া হোৱাৰ লগতে ৰোগীৰ বাবে নিৰ্মাণ কৰা কোঠাতে থাকিবলগীয়া হৈছে ।

ক’ভিডৰ এই সময়ত চিকিৎসা কৰ্মীসকলক মানুহে ক’ভিডৰ শংকাত ঘৰ ভাড়া দিব নিবিচাৰে । কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডা° মনোজ দাসে এই তথ্য সদৰী কৰে । অধ্যক্ষজনে লগতে জনায় যে, তেওঁ নিজেও চৰকাৰী আৱাস নোপোৱাৰ ফলত চিকিৎসালয়ৰ কেবিনতে থাকিবলগীয়া হৈছে ।

বহু ভাড়া ঘৰৰ মালিকে ঘৰ এৰিবলৈয়ো কৈছে চিকিৎসা কৰ্মীসকলক। ইয়াৰোপৰি বৰ্তমান ক’ভিড প্ৰতিৰোধৰ বাবে চৰকাৰৰ এছঅ’পি অনুসৰি বজাৰ সমাৰ আদি দুই বজাতে বন্ধ হয় আৰু সন্ধীয়া ছয় বজাৰ পৰা সান্ধ্য আইন বলৱৎ হয় । বাট পথত মানুহ নাথাকে তেনে অৱস্থাত নাৰ্ছসকলে ভাড়া ঘৰৰ পৰা চিকিৎসালয়লৈ আহোতে একাংশ যুৱকৰ আতিশয্যাৰ বলি হ’বলগীয়া হৈছে বুলিও জানিবলৈ দিয়ে নাৰ্ছসকলে ।

চিকিৎসালয়খনৰ চৰকাৰী আৱাস নিৰ্মাণৰ ঠিকা লাভ কৰা চিৰাঙৰ ছাপাগুৰীৰ ঠিকাদাৰ অচিন্ত বসুমতাৰীয়ে অৰ্ধনিৰ্মিত কৰি ৰখাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট নহয় যদিও চিকিৎসালয়ৰ অধ্যক্ষ মনোজ দাসে সন্দেহ কৰে যে, বিটিচিৰ পৰা আৱন্টিত ধন লাভ নকৰাৰ বাবেই স্থবিৰ হৈ পৰিছে আৱাস নিৰ্মাণৰ কাম । যিহেতু চিকিৎসালয়খন এশ বিচনাৰ ক’ভিড চিকিৎসালয় কৰাৰ আঁচনি গ্ৰহণ কৰিছে সেয়ে সম্প্ৰতি চিকিৎসালয়ৰ কেবিন নাইবা ৰোগীৰ কোঠাত থকা সকলেও এতিয়া এৰিব লাগিব কোঠাসমূহ । ফলত অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব চিকিৎসালয়ৰ চৰকাৰী আৱাস লাভ নকৰা চিকিৎসা কৰ্মীসকলে।

Exit mobile version