নিৰ্বাচনী হিংসাৰ বলি হৈ অসমত আশ্ৰয় লোৱা লোকসকলৰ পৰিস্থিতিৰ বুজ লয় কোচৰাজবংশী সাহিত্যসভাৰ এটি সজাতি দলে

WhatsApp Image 2021 05 12 at 5.15.21 PM

চুবুৰীয়া ৰাজ্য পশ্চিম বংগত নিৰ্বাচনৰ ফলাফলৰ পাছতেই একাংশ তৃণমূল নেতা-কৰ্মীৰ আক্ৰমণৰ বলি হৈ অসমৰ শ্ৰীৰামপুৰ, তামাৰহাট, হাতীধুৰা আদিত আশ্ৰয় লোৱা লোকসকলৰ পৰিস্থিতিৰ বুজ লয় কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ নেতৃত্বাধীন এটি সজাতি দলে।

উক্ত দলটোত উপস্থিত থাকে কেএচিৰ নৱনির্বাচিত সদস্য অমৰেন্দ্ৰ নাৰায়ণ বৰ্মন, কোচৰাজবংশী সাহিত্যসভাৰ আলোচনী সম্পাদক লক্ষন চন্দ্র বৰ্মন, কোচৰাজবংশী সাহিত্যসভাৰ উপ-সভাপতি মনিন্দ্র নাথ ৰায়, কোচৰাজবংশী সাহিত্যসভাৰ সহসম্পাদক পিনাকী ৰায়, সুকুমাৰ বৰ্মন, দিলীপ কুমাৰ ৰায়, নবজীৎ বৰ্মন, ৰতন বৰ্মন, জিৰান আলী মজুমদাৰ, বিজেপি কোকৰাঝাৰ জিলাৰ উপ সভাপতি শান্তিৰাম বৰ্মন আৰু কোচৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক তথা কোচৰাজবংশী ভাষাৰ প্ৰতিষ্ঠিত কবি তথা সাংবাদিক কৃষ্ণ বৰ্মনৰ লগতে দোতমা প্ৰেছ ক্লাবৰ সহসম্পাদক ধনকেশ বৰ্মন ।

শিবিৰসমূহ পৰিদৰ্শন কৰি কোচৰাজবংশী সাহিত্যসভাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে কয় যে, নিৰ্বাচনী হিংসাৰ বলি হোৱা অঞ্চলসমূহ কেন্দ্রীয় সেনাবাহিনী নিয়োগ কৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি ভুক্তভোগী লোকসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে । লগতে পশ্চিমবংগৰ কোচৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক কোচবিহাৰ ৰাজ্য পুনৰ গঠন কৰি কোচ কাতমাপুৰীসকলৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি জাতিটোৰ উন্নয়ন কৰিবলৈ দাবী জনায়।

ইপিনে শ্ৰীৰামপুৰ শিবিৰত আশ্রয় লোৱা ৰতন দাসেও সাংবাদিকৰ সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ লগতে বিভিন্ন দল সংগঠনে আমাক যথেষ্ট সহায় সহযোগ কৰিছে ।

Exit mobile version