ফাইজাৰৰ দুপালি প্রতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ মাজত কৰ’নাত মৃত্যুৰ সম্ভাৱনা ৯৭ শতাংশ হ্রাস পায়

ব্রিটেইনত ক’ভিশ্বিন্ডে প্ৰতিৰােধ কৰিলে ৮০ শতাংশ মৃত্যু

shutterstock 1850985946 compressed scaled 1

ব্রিটেইনত কৰ’নাৰ টিকাকৰণৰ পৰিসংখ্যাৰ পৰা এটা কথা জানিব পৰা গৈছে যে অক্সফ’র্ড- এষ্ট্রেজেনেকাৰ ক’ভিড প্রতিষেধকৰ প্রথম পালি গ্রহণ কৰা লােকসকলৰ মাজত মৃত্যুৰ পৰিসংখ্যা ৮০ শতাংশ হ্রাস পাইছে।

ADVERTISEMENT

উল্লেখ্য যে এই একেটা ব্রিটিছ প্রতিষেধক ভাৰতত ক’ভিশ্বিল্ট নামৰে বৃহৎ পৰিমাণত প্রস্তুত কৰা হৈছে। ব্রিটেইনৰ ৰাজহুৱা স্বাস্থ্য বিভাগে চলােৱা গৱেষণামূলক অধ্যয়নত লাভ কৰা তথ্য অনুসৰি দেশখনত যিসকল লােকে এষ্ট্রেজেনেকা প্রতিষেধকৰ প্রথম পালি গ্রহণ কৰিছিল তেওঁলােকৰ কৰ’নাত মৃত্যুৰ শংকা ৮০ শতাংশ হ্রাস পাইছে।

ইফালে, আমেৰিকাৰ কোম্পানীয়ে প্রস্তুত কৰা ফাইজাৰৰ দুপালি প্রতিষেধক গ্রহণ কৰা ব্যক্তিৰ মাজত কৰ’নাত মৃত্যুৰ সম্ভাৱনা ৯৭ শতাংশ হ্রাস পায় বুলি গৱেষণামূলক অধ্যয়নত দাবী কৰা হৈছে।

ভাৰতৰ বাবে এক সুখবৰ হৈছে ব্রিটেইনৰ এষ্ট্রেজেনেকা প্রতিষেধকৰ ব্যৱহাৰৰ জৰিয়তে দেশখনে ক’ভিডত মৃত্যুৰ নিয়ন্ত্রণত অর্জন কৰা সফলতা। এষ্ট্রেজেনেকাৰ ভাৰতীয় সংস্কৰণ হৈছে। ক’ভিশ্বিল্ড আৰু ভাৰতত টিকাকৰণত ক’ভিশ্বিল্ট যথেষ্ট ব্যৱহাৰ কৰা হৈছে।

Exit mobile version